নতুন দিল্লীঃ 'দিল্লীৱালো, আই লাভ ইউ।’- বৃহৎ জয় সাব্যস্ত কৰি মঙলবাৰে বিয়লিৰ ভাগত এইদৰে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰে আম আদমী পাৰ্টী চমুকৈ আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে। তেওঁ কয় যে এই জয়ে এক নতুন ৰাজনীতিক সম্পূৰ্ণৰূপে মান্যতা প্ৰদান কৰিলে যি নেকি 'কাম’ৰ ওপৰত প্ৰতিষ্ঠিত। এই জয়ক তেওঁ 'ভাৰত মাতাৰ জয়’ হিচাপেও অভিহিত কৰে।

বিজয় নিশ্চিত হৈ পৰাৰ পিছতে বিয়লি প্ৰায় ৩-৩০ বজাত আপ কাৰ্যালয়ত আয়োজিত বিজয় উৎসৱত ভাগ লৈ কেজৰিৱালে ইয়াৰ কৃতিত্ব হনুমানকো অৰ্পণ কৰে। 'আজি মঙলবাৰ, এয়া হনুমানৰেই দিন। হনুমানে দিল্লীক আজি আশীৰ্বাদেৰে উপচাই দিছে।’- ভক্তিভাৱেৰে এইদৰে কয় নিৰ্বাচনৰ প্ৰাকক্ষণত হনুমান চালিছা পাঠ কৰি বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈ পৰা কেজৰিৱালে। 

আজিৰ নিৰ্বাচনত ২০১৫ৰ দৰেকৈ বিজেপিক একপ্ৰকাৰ ধূলিস্যাৎ কৰি মুঠ ৭০ খন আসনৰ ৬৩ খনতে বিজয় সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে। ২৭০ জনকৈ সাংসদ, আটাইকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক প্ৰচাৰ অভিযানত নমোৱাৰ পিছতো বিজেপিয়ে লাভ কৰে মাত্ৰ ৭ খন আসন। আনহাতে কংগ্ৰেছে এইবাৰো লাভ কৰিবলৈ সমৰ্থ নহ’ল এখনো আসন।

এনে এক বৃহৎ বিজয়ত উৎফুল্লিত হৈ আপে নীলা আৰু বগা বেলুনৰ লগতে হোলীৰ ৰঙেৰে ৰঙীণকৈ সজাই তোলে দিল্লীৰ মুখ্য কাৰ্যালয়। হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত সাধাৰণতে আপৰ সভাত শুনিবলৈ নোপোৱা 'ভাৰত মাতা কী জয়’ শ্লগানেৰে আপ সমৰ্থকসকলে মুখৰিত কৰি তোলে দিল্লীৰ আকাশ-বতাহ।

সমৰ্থকসকলৰ আনন্দ উল্লাসৰ মাজতে কেজৰিৱালে দিল্লীবাসীক ধন্যবাদ জনাই আৰু কয়, 'এয়া মোৰ জয় নহয়। এই জয় হৈছে দিল্লীবাসীৰ, এই জয় হৈছে মোক পুত্ৰ জ্ঞান কৰা দিল্লীৰ প্ৰতিটো পৰিয়ালৰ। এই জয় হৈছে ২৪ ঘণ্টাই বিজুলী, পানী আৰু ভাল শিক্ষা লাভ কৰা প্ৰতিটো পৰিয়ালৰ।’

উল্লেখ্য যে আজিৰ এই জয়ৰ পিছত ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ’ব আমোলাৰ পৰা দুৰ্নীতিবিৰোধী আন্না হাজাৰেৰ আন্দোলনৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰা কেজৰিৱালে। পত্নীৰ জন্মদিনৰ দিনাই আন এক ঐতিহাসিক বিজয় সাব্যস্ত কৰা কেজৰিৱালে বিগত ৫ বছৰৰ দৰেকৈ এইবাৰো ৰাইজৰ সেৱা কৰি যাব বুলিও দৃঢ়তাৰে সদৰী কৰে।