তিৰুৱনন্তপুৰমঃ শিকাৰ বাবে বয়স বাধা হ’ব নোৱাৰে। সেয়া পুনৰ প্ৰমাণ কৰিলে কেৰালাৰ ৯৬ বছৰীয়া এগৰাকী আইতাই। এই আইতাগৰাকায়ে লেপটপত নিজৰ নাম লিখিবলৈ শিকিলে। অকল সেয়ে নহয়, তেওঁ প্ৰপ্তবয়স্ক সাক্ষৰতাৰ পৰীক্ষাতো প্ৰথম হৈছে।

আইতাগৰাকীৰ গৃহত কেৰালাৰ শিক্ষা মন্ত্ৰী চি ৰবীন্দ্ৰনাথ। দীপাৱলীৰ উপহাৰ স্ৱৰূপে কাৰ্থয়নী আম্মা নামৰ আইতাগৰাকীক তেওঁ প্ৰদান কৰে এটা লেপটপ। আৰু এই লেপটপতে তেওঁৰ নিজৰ নাম লিখবলৈ শিকিলে। শিকাই দিলে স্বয়ং মন্ত্ৰীয়ে। 

কেৰালাৰ ৯৬ বছৰীয়া আইতাগৰাকীয়ে ৰাজ্যৰ ভিতৰতে ৯৮ শতাংশ নম্বৰ লাভ কৰি সাক্ষৰতা পৰীক্ষাত উত্তীৰ্ণ হয়। জীৱনৰ ৯৬ টা বসন্ত পুহি ৰখা তেওঁৰ সপোন জীৱনৰ বিয়লি বেলা পূৰণ কৰি সকলোৰে বাবে আদৰ্শ হৈ পৰিল।

কেৰালাৰ মুখ্যমন্ত্ৰীয়ে তেওঁক সম্বৰ্ধনা জনোৱাৰ পাছতে আইতাই মনৰ ইচ্ছা প্ৰকাশ কৰিছিল যে আজৰি সময়ত তেওঁ কম্পিউটাৰৰ ব্যবহাৰ শিকিব খোজে। তেওঁ চতুৰ্থ শ্ৰেণীৰ সমপৰ্যায়ৰ পৰীক্ষাত প্ৰথম হৈ মনৰ ভাব এনেদৰে প্ৰকাশ কৰিছিল, ’সৰুতে ভালকৈ পঢ়া-শুনা নকৰিলোঁ। সৰু ল’ৰা-ছোৱালীবোৰৰ পঢ়া-লিখা দেখি মোৰ মনতো অধ্যায়নৰ বাবে ধাউতি জন্মিল। সেই সময়তে মোক শিক্ষক এজনে পঢ়াৰ কথা সুধিলত মই পঢ়িম বুলি কৈছিলোঁ। অধ্যায়ন বৰ্তই ৰাখিবলৈ ইচ্ছা কৰি আজৰি সময়ত কম্পিউটাৰ শিকিবলৈ ল’লোঁ। যাতে ভাল চাকৰি এটা পাবলৈ সক্ষম হওঁ’।

চলিত বছৰত প্ৰায় ৪২,৯৩৩ গৰকী পৰীক্ষাৰ্থীয়ে সাক্ষৰতা পৰীক্ষাত উত্তীৰ্ণ হয়। ইউনেস্কোৰ তথ্য অনুসৰি ১৯৯১ চনত ৰাজ্যখনত সাক্ষৰতাৰ হাৰ আছিল ৯০ শতাংশ। সমগ্ৰ দেশৰ ভিতৰত কেৰালাই হৈছে সাক্ষৰতা অভিযানৰ সফলতাৰ বাৰ্তাবাহক। যোৱা ২৬ জানুৱাৰীত অক্ষাৰলাক্ষম নামে এক আঁচনি আৰম্ভ কৰি কেৰালা চৰকাৰে অশিক্ষিতৰ হাৰ ট্ৰাইবেল আৰু দুখীয়া মাছমৰীয়াসকলৰ মাজত নোহোৱা কৰাৰ চেষ্টা চলাই আছে।