ডিজিটেল ডেস্কঃ Khaleej Timesৰ টুইট মতে ব্যক্তিগত জেট বিমানেৰে অভিনেত্ৰী শ্ৰীদেৱীৰ নশ্বৰদেহ মুম্বাইলৈ অনা হ’ব৷ ইতিমধ্য মৰণোত্তৰ পৰীক্ষা সমাপ্ত হৈছে৷ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে ৰৈ থকা হৈছে৷

সোমবাৰে মুম্বাইত অগণন লোকৰ উপস্থিতিত অন্তিম শ্ৰদ্ধা যাচিব আৰু সৎকাৰ কৰা হ’ব৷ ইতিমধ্যে মুম্বাইৰ পৰা উৰা মাৰিছে জেট বিমান৷ সুত্ৰৰ খবৰ মতে, মুম্বাইৰ পৰা যোৱা জেট বিমান নিশা ৮ বজাত ডুবাইৰ পৰা নশ্বৰদেহ লৈ মুম্বাই অভিমুখে উৰা মাৰিব৷ জেট বিমান খন উদ্যোগপতি মুকেশ আম্বানীৰ বুলি খবৰ প্ৰকাশ হৈছে৷

Khaleej Timesৰ টুইট মতে, যিখন চিকিৎসালয়ত শ্ৰীদেৱীৰ মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে তাত গুণগ্ৰাহীয়ে ভিৰ কৰে৷ নশ্বৰ দেহ ওলাই অহালৈ অপেক্ষা কৰি আছে সকলোৱে৷

অভিনেত্ৰীগৰাকীক অন্তিম দৰ্শনৰ বাবে ৰৈ আছে সকলো৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷

বিবাহৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতেই শ্ৰীদেৱীয়ে পতি বনি কাপুৰ আৰু কন্যা মুম্বাইলৈ উভতি আহে৷ শ্ৰীদেৱীয়ে ডুবাইতে থাকে৷ জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত শ্ৰীদেৱীয়ে হৃদৰোগত আক্ৰান্ত হৈ হোটেলৰ বাথৰুমত পৰি গৈছিল৷ কিছু সময় পিছতেই মৃত্যুক আকোৱালি লয় শ্ৰীদেৱীয়ে৷ এই খবৰ ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ বিশ্বৰ শ্ৰীদেৱীৰ গুণগ্ৰাহীৰ মাজত শোকৰ ছাঁ পৰে৷ ভাৰত বৰ্ষত অভিনেত্ৰীগৰাকীৰ ফেন সকলে ম্ৰিয়মান হৈ পৰে৷ আনহাতে বলিউডৰ তাৰকাৰ লগতে ক্ৰিকেটাৰ, ৰাজনৈতিক দলৰ নেতাই শোক প্ৰকাশ কৰে৷