newsnextone.com| খেৰণিঃ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় ৰংখাং সমষ্টিৰ লিংডিং গাওঁ আৰু লাংহানত বিজেপিৰ ভ্ৰমনসূচীৰ অংশ হিচাপে আজি ৰংখাং বিজেপি মণ্ডল সমিতিৰ উদ্যোগত পৃথকে পৃথকে দুখনকৈ বিজেপিৰ মুকলি সভা অনুষ্ঠিত হৈ যায়। লিংডিং গাওঁত আয়োজিত সভাতেই মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য তথা স্থানীয় জনপ্ৰতিনিধি হৰেনছিং বে' উপস্থিত হয়৷
 
"সৰ্বদিশৰ উন্নয়ন আৰু বিকাশেৰে মই ৰংখাংবাসীৰ দুখ-দুৰ্দশা, সমস্যা-অভাৱ আদি সকলো শীঘ্ৰেই দূৰ কৰিম" বুলি সভাত উপস্থিত থকা তিনি শতাধিক ৰাইজৰ নিজৰ মন্তব্য প্ৰকাশ কৰে৷ লগতে জনপ্ৰতিনিধি গৰাকীয়ে ইতিমধ্যে কাৰ্বি পৰিষদত ১৫ টা মাহ অতিক্ৰম কৰা কাৰ্যকালত সমষ্টিটোত ৰূপায়ণ কৰা আঁচনি সমূহৰ ভিতৰত আধাৰশিলা আৰু কাম সম্পূৰ্ণ কৰি উদ্ধোধন কৰা আচঁনিৰ বিশদ প্ৰতিবেদন দাঙি ধৰে এই সভাৰ মজিয়াত। 

মনকৰিবলগীয়া যে সমষ্টিটোত ইতিমধ্যে ৰাস্তা-ঘাট নিৰ্মাণ বা পকীকৰণৰ কাম আৰম্ভ কৰাৰ বিপৰীতে দুখীয়া পৰিয়ালৰ মাজত ১০টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ নিৰ্মাণ কৰা, অৰ্ধশতাধিক শৌচালয় নিৰ্মাণ কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ হকে ৭৫ টা দমকল, ৪ টা ৰিং কুঁৱা আদি প্ৰদান কৰাৰ কথা উল্লেখ কৰে জনপ্ৰতিনিধিগৰাকীয়ে। আনহাতে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ঠিকাদাৰে কোনো অনিয়ম অথবা দুৰ্নীতি সংঘটিত কৰিলে কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি কয় হৰেনছিং বে'য়ে।

শেহতীয়াকৈ তেওঁ এইবুলিও উল্লেখ কৰে যে তেওঁৰ পৰিয়ালৰ কোনো সদস্য বা বন্ধুয়ে ঠিকা কৰি ধনী হোৱাৰ বাবে তেওঁ ৰাজনীতি কৰা নাই, তেওঁ ৰাজনীতি কৰিছে কেৱল ৰাইজৰ অভাৱ-অভিযোগ, সমস্যা আদি দূৰ কৰি সর্বাংগীন উন্নয়ন সাধন কৰাৰ বাবেহে। সেয়েহে তেওঁ বাচনি কৰি লোৱা লক্ষ্যত উপনীত হোৱাৰ বাবে সমষ্টিবাসীৰ সহায় সহযোগ কামনা কৰিছে লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলোকে মাৰ বান্ধি সাজু হবলৈ আহ্বান জনাইছে এই সভাৰ যোগেদি। ইপিনে আজিৰ এই দিনটোতে নতুনকৈ লাভ কৰা ভোটগ্ৰহন কেন্দ্ৰ এটাৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে হৰেনছিং বে'য়ে। লিংডিং অঞ্চলবাসীৰ বাবে আগন্তুক সময়ত ভোট দান কৰাৰ কেন্দ্ৰ বা স্থান হব লিংডিং ইংলিছ স্কুল।