আজাৰাঃ থাইলেণ্ডত অনুষ্ঠিত হোৱা তৃতীয় আন্তঃৰাষ্ট্ৰীয় থাই মাৰ্চেল আৰ্ট গেম এণ্ড ফেষ্টিভেলত কিক বক্সিং প্ৰতিযোগিতাত উজলি উঠিল অসমৰ তিনি সন্তান৷

অসমৰ পৰা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ধেমাজি গোগামুখৰ অবিনাশ দলে চিলভাৰ, দক্ষিণ কামৰূপৰ বামুণীগাঁৱৰ মনোজ কুমাৰ দাসে ব্ৰঞ্জ আৰু গুৱাহাটীৰ গমে থাপাই ব্ৰঞ্জৰ প্ৰদক লাভ কৰিবলৈ সক্ষম হয়।

থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ৭০ খন দেশে অংশগ্ৰহণ কৰিছিল৷ কিক বক্সিং প্ৰতিযোগিতাত ভাৰতৰ ২১ জনীয়া দলে অংশগ্ৰহণ কৰিছিল। সোমবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই তিনি অসম সন্তানক ৰাইজে আদৰণি জনায়৷