জাগীৰোডঃ নিজৰ এলেকাতে এতিয়া সুৰক্ষিত নহয় যুৱতী-কিশোৰী৷ কেতিয়া নৰ পিশাচৰ বলি হয় তাৰ কোনো ঠিক নোহোৱা হৈছে যুৱতী-কিশোৰী৷ সমাজ ব্যৱস্থা উন্নত হোৱা বুলি আস্ফালন কৰি থাকিলেও একাংশ লোক দানৱ হৈ পৰিছে৷ মানুহে মানুহক হত্যা কৰাৰ ঘটনাই এতিয়া সমাজৰ প্ৰতিগৰাকী লোকক চিন্তিত কৰিছে৷ এইবাৰ ৭বছৰীয়া কিশোৰীক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই জোকাৰী গৈছে এটা এলেককা৷

কুঁৱাৰ পাৰত এটি অবোধ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাত৷ মৰিগাঁও জিলাৰ জাগীৰোডত কুঁৱাৰ পাৰত এটি কণমানি কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছৰে পৰা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, জাগীৰোডৰ চুলেন্দ্ৰ প্ৰসাদৰ কন্যা তথা স্থানীয় হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতীকা কুমাৰী বুধবাৰে সন্ধিয়াৰ পৰা নিখোজ হয়৷

৭ বছৰীয়া কিশোৰীগাৰকীক বিচাৰি হায়ৰাণ হৈ পৰিছিল পৰিয়ালৰ লোক৷ বুধবাৰে আবেলি নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকাত দুচিন্তাত পৰিয়ালটোৱে সময় পাৰ কৰাৰ লগতে নিশালৈকৈ ইফাল-সিফাল বিচাৰ খোচাৰ কৰি আছিল পৰিয়াল তথা ওচৰ চুবুৰীয়াই৷ নিশা কিশোৰীগৰাকীৰ কোনো শুংসুত্ৰ উদ্ধাৰ নহ’ল যদিও পুৱতি নিশা নিজ ঘৰৰ চৌহদত পৰিয়ালৰ লোকে কুঁৱাৰ পাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ।

কৃতীকাৰ দেহৰ কেইবা ঠাইত আঘাতৰ চিন স্পষ্ট হৈ থকাত কোনো লোকো অপহৰণ কৰি নি হত্যা কৰি নিশা পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰে পৰিয়াল লোকও৷ জাগীৰোড হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতীকা মৃত্যুৰ খবৰক সহজে লব পৰা নাই মৰিগাঁওবাসীয়ে৷ স্থানীয় দল-সংগঠনে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে দোষীক শীঘ্ৰে আটক কৰাৰ দাবী জনায়৷