ডিজিটেল ডেস্কঃ শৈশৱত পিতৃ-মাতৃয়ে আপোনাকো হয়তো খেলনা ক্ৰয় কৰি দিছিল। খেলনা হাতত লৈ আপুনি কতো দুষ্টামী কৰিছিল। খেলনাৰ মাজত দিনৰ দিনটো অতিবাহিত কৰিছিল। কিন্তু আপোনাৰ শৈশৱৰ সেই খেলনা যদি পেটত সোমাই ৰয়। হয়, এবছৰ দুবছৰ নহয় ৪০ বছৰৰ মুৰকত পেটৰ পৰা ওলাল শৈশৱৰ খেলনা। এই ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। যোৱা এবছৰ ধৰি এগৰাকী লোকে বুকৰ বিষ অনুভৱ কৰি আহিছিল৷

বিষৰ প্ৰকোপত স্থানীয় চিকিৎসালয়লৈ যোৱাত চিকিৎসকে তেওৰ কেন্সাৰ হোৱাৰ সন্দেহ কৰে৷ স্থানীয় চিকিসালয়ে তেওক আন এখন চিকিসালয়ত কেঞ্চাৰৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ চিকিৎসালয় খনে লোকগৰাকীৰ পৰীক্ষা-নিৰিক্ষা কৰে৷ তাৰ পিছতে দিঙি আৰু বুকু স্কেন কৰে৷ স্কেন কৰাৰ অন্তত হাওফাওৰ তল ভাগত হালধীয়া বৰণৰ প্লাষ্টিকৰ সৰু সামগ্ৰী লাগি থকা বুলি থিৰাং কৰে চিকিৎসকে৷

৪৭ বছৰীয়া ব্ৰিটেইনৰ লোকগৰাকীয়ে যোৱা ত্ৰিশ বছৰ ধৰি ধুমপান কৰি অহাত প্ৰথমে উক্ত ঠাইত ঘা হোৱাৰ লগতে কেঞ্চাৰ হোৱা বুলি সন্দেহ কৰিছিল৷ অস্ত্ৰোপচাৰ কৰি হাওফাওৰ ওচৰত প্ৰত্যক্ষ কৰা খেলনা উলিয়ায় চিকিৎসকে৷ বস্তুটো শেশৱ কালত ট্ৰেফিক ট্ৰেফিক খেলাৰ বাবে ব্যৱহাৰ কৰিছিল লোকগৰাকীয়ে৷ ৭ বছৰ বয়সত জন্ম দিনত তেনে খেলনা গিলি দিয়াৰ কথা মনতো আছিল তেওৰ৷ কিন্তু যোৱা ৪০ বছৰে খেলনা পেটত ৰৈ থাকিব বুলি ভাবিব পৰা নাছিল লোকগৰাকীয়ে৷ পুৰ্বে কোনো দিনে পেটত থকা খেলনাটোৱে অসুবিধাও কৰা নাছিল লোকগৰাকীক৷