newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত এটি ভয়াবহ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দিল্লীক৷ দিল্লীৰ চান্দনী চ’কৰ ৰাবিয়া নামৰ এখন ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকে মাচুল আদায় নিদিয়াত ৪-৫ বছৰীয়া শিশুক কোঠালিত বন্ধ কৰি ৰখাৰ ঘটনা পোহৰলৈ আহিছে৷ দিল্লী আৰক্ষীয়ে স্থানীয় ব্যক্তিগত স্কুলখনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰি গোচাৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷  

মুঠ ১৬গৰাকী শিশুক আৱদ্ধ কৰি ৰখা হৈছিল এই বিদ্যালয়খনৰ কোঠালিত৷ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ এনে কাণ্ডক শিশুসকলৰ পিতৃ-মাতৃয়ে সহজেই লব পৰা নাই৷ জানিব পৰা মতে, দিল্লীৰ চান্দনী চ’কৰ ৰাবিয়া নামৰ ব্যক্তিগত বিদ্যালয়খনৰ একাংশ অভিভাৱকে সময় মতে দিয়া নাছিল তেওঁলোকৰ সন্তানৰ মাচুল৷ বহুবাৰ জাননী যোগে জনাই দিয়া হৈছিল সময়মতে মাচুল আদায় দিবলৈ৷ তাৰ পিছতোঁ অভিভাৱকে বিষয়টোক গুৰুত্ব প্ৰদান নকৰাত সোমবাৰে মাচুল অনাদায় শিশু ছাত্ৰসকলক এটি কোঠাত আৱদ্ধ কৰে স্কুল কৰ্তৃপক্ষই৷ 

কণ কণ ছাত্ৰ-ছাত্ৰীসকলক স্কুল আৰম্ভ হোৱাৰে পৰা ৫ ঘণ্টালৈকে আৱদ্ধ কৰি ৰাখে স্কুল কৰ্তৃপক্ষই৷ এই খবৰ লাভ কৰি অভিভাৱকসকলে ক্ষোভিত হৈ পৰে৷ আনহাতে শিশুসকলক বন্দী কৰি ৰখাৰ খবৰ লাভ কৰি অভিভাৱকসকল বিদ্যালয়ত উপস্থিত হৈ উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷

অমানৱীয় ঘটনাক দিল্লী চৰকাৰৰ শিক্ষা মন্ত্ৰী মনীষ সিসোডিয়াই গুৰুত্বসহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিয়ে৷ অভিভাৱকসকলে অভিযোগ উত্থাপন কৰা মতে, বিদ্যালয়ৰ কৰ্তৃপক্ষই শিশুসকলক ভোকে পিয়াহে ৫ ঘণ্টালৈকে শ্ৰেণীকোঠাত আৱদ্ধ কৰি থৈছিল৷ বিদ্যালয় ছুটী হোৱাৰ সময়তহে ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ ওলাই আহিব দিয়া হৈছিল৷ 

বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে অভিযোগ প্ৰত্যাখান কৰে৷ বিদ্যালয়ৰ অধ্যক্ষই আটাইবোৰ অভিযোগক ভুৱা প্ৰচাৰ বুলি অভিযোগ উত্থাপন কৰে৷ বিদ্যালয়ত ছাত্ৰক বন্ধ কৰি ৰাখিব পৰা তেনে কোনো কোঠালি নাই বুলি কয় অধ্যক্ষগৰাকীয়ে৷ দিল্লী আৰক্ষীয়ে বিদ্যালয়ৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৪২ জুৱেনাইল ধাৰাত হৌজ কাজী আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷ বিদ্যালয়ৰ অধ্যক্ষক জাননী প্ৰেৰণ কৰাৰ লগতে শিশুসকলৰ অভিভাৱকসকলে দিয়া এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্তৰ কৰি থকা বুলি জানিব পৰা গৈছে৷