ৰঙিয়া/গুৱাহাটীঃ বয়োজ্যেষ্ঠ নাগৰিক-ডেকা, যুৱক সকলোৱে ঠাণ্ডাৰ প্ৰকোপত জেকেট-চুৱেটাৰ পিন্ধি তত পোৱা নাই৷ হাৰ কপোৱা জাৰত মানুহ চিন্তাত পৰিছে৷ কিন্তু কণ কণ ছাত্ৰ-ছাত্ৰীক পকীৰ মজিয়াত বহি পঢ়িবলৈ বাধ্য কৰালে ভাৰতীয় সেনাই৷ সেনাই বন্ধ কৰিব খোজা এখন বিদ্যালয় ৰাইজে বন্ধ কৰিব নিদি হেঙাৰ হৈ থিয় দিয়াত সেনাৰ আক্ৰোশৰ বলি হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী৷

সেনাই ৰাইজে কৰা প্ৰতিবাদৰ ক্ষোভ নিৰাময় কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীক ঠাণ্ডাত পকী মজিয়াত বহিবলৈ দি৷ ৰাজ পথত সেনাৰ লোক দেখিলেই কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জয় হিন্দ বুলি কপালত হাত থৈ চালাম দিয়া সেনাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ কথা এবাৰলৈ নাভাবিলে৷ সেনাই ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা নকৰাৰ ফল স্বৰূপে সেনাৰ বিদ্যালয়ত পকী মজিয়াত বহি পাঠদান কৰিব লগা হ’ল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷

ডেস্ক-বেঞ্চৰ অভাৱত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পকীত বহি পাঠদান কৰিব লগা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক, বৰ বৰ আমোলাই বাসকৰা ৰাজধানীৰ পৰা কিছু নিলগৰ কামৰূপ জিলাৰ ৰঙিয়াত৷ ৰঙিয়াৰ চেপ্তিৰ সেনাৰ ৰেডহৰ্ন স্কুলত এতিয়া এনেদৰে চলিছে পাঠদান৷ ঠাণ্ডাত প্ৰকোপৰ পিছতো সেনা কৰ্তৃপক্ষ-জিলা প্ৰশাসন যেন সকলোৱে নাচোৰ বান্দা৷

সেনাৰ কেম্পৰ চৌহদতে থকা বিদ্যালয় খনৰ ডেক্স-বেঞ্চ চুৰি হোৱাৰ অভিযোগ উত্থাপ হৈছে৷ বিদ্যালয় খন বন্ধ কৰাৰ বাবে সেনাই চেষ্টা চলাই থকাত এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত বন্দী হ’ব লগা হৈছিল ৫ গৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতা৷ যোৱা ৪ জানুৱাৰীত সেনাই বন্ধ কৰি দিয়া ৰঙিয়া চেপ্তিৰ সেনাৰ ৰেডহৰ্ন স্কুল বন্ধ কৰি দিয়াত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

প্ৰায় দুদিন পিছত তথা ১১ জানুৱাৰীত আৰক্ষীয়ে থানালৈ মাতি নি সেনাৰ স্কুল খনৰ ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজোতত নিক্ষেপ কৰে৷ পুনৰ ১২ জানুৱাৰীৰ পুৱাৰে পৰা ৰঙিয়াৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কামৰূপ প্ৰশাসনে ৰাইজৰ দাবীত সেওঁমানি অৱশেষত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস, নমিতা দাসক মুকলি কৰি দিয়ে যদিওঁ সেনা কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সুবিধা কৰি দিয়া দেখা নাযায়৷

মন্ত্ৰী, বিধায়ক, আমোলাই এনে খবৰ নলয়৷ কাৰোবাৰ শিশুৰ ভৱিষ্যত নষ্ট হলে তেওলোকৰ কিনো ক্ষতি হ’ব৷ কিয়নো তেওঁলোকৰ সন্তানে দেশ-বিদেশত উন্নত বিদ্যালয়ত পাঠদান কৰি আছে৷ যত তেওলোকৰ সন্তানে অনায়াসে ভৱিষ্যৎ গঢ় দিব পাৰিব৷ কিন্তু সাধাৰণ মানুহৰ সন্তানে কলৈ যাব৷ সাধাৰণ মানুহৰ সন্তানে কম খৰছত লৰা-ছোৱালীক শিক্ষা দিব বিছাৰে৷ যাৰ ফলত তেনে কিছু অনুষ্ঠানৰ পিছত দৌৰ দিব লগা হয়৷ কিন্তু নিজ সন্তানটোক পঢ়ুৱাই থকা অৱস্থাত বিদ্যালয় খন বন্ধ কৰি দিব খুজিলে কেনে ধৰণৰ পৰিৱেশ হ’ব পাৰে সেই কথা কল্পনা কৰিব নোৱাৰি৷

তেনেই পৰিৱেশৰ মাজতে আজি সময় পাৰ কৰিছে প্ৰায় ৪০০ কণ কণ শিশুৰ অভিভাৱকে৷ দীৰ্ঘ দিনৰ পৰা বিদ্যালয় খন বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে সেনাই৷ তাৰ পিছতে সেনাই স্কুল খন বন্ধ কৰি দিয়ে৷ স্কুল খন বন্ধ কৰি দিয়াত যোৱা ৪ জানুৱাৰীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই সেনাই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সেনাই এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত প্ৰতিবাদ কৰাৰ দুদিন পিছত তথা ১১ জানুৱাৰীত ৰঙিয়া আৰক্ষীয়ে থানালৈ মাতি নি সেনাৰ স্কুল খনৰ ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি জেল হাজোতত নিক্ষেপ কৰে৷

এদিন পিছত অৰ্থাৎ ১২ জানুৱাৰীত পুৱাৰে পৰা ৰঙিয়াৰ ৰাইজে ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কামৰূপ প্ৰশাসনে ৰাইজৰ দাবীত সেওঁমানি অৱশেষত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস, নমিতা দাসক মুকলি কৰি দিবলৈ বাধ্য হয়৷ পথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কৰি শীঘ্ৰে ৫গৰাকী শিক্ষয়িত্ৰী আৰু ছাত্ৰ নেতাক মুকলি কৰি দিয়াৰ দাবী জনাইছিল৷ সেনাই ৰেডহৰ্ণ পাব্লিক স্কুল বন্ধ কৰি দিয়াৰ লগতে প্ৰতিবাদ কৰিবলৈ যোৱা ৫গৰাকী শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত প্ৰতিবাদ সাব্যস্ত কৰিছিল পুৰুষ-মহিলাই৷

সেনাৰ ৰেডহৰ্ণ পাব্লিক স্কুল সেনাবাহিনীয়ে বন্ধ কৰি দিয়াত ৪ জানুৱাৰীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে পুৱাই বিদ্যালয়খনত উপস্থিত হৈ দেৱাল ভঙাৰ চেষ্টা কৰাৰ লগতে গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। স্কুল খন বন্ধ কৰি সেনাই বাহৰ পাতি থকাত উত্তেজিত হৈ বিদ্যালয় খনত প্ৰৱেশ কৰি শ্ৰেণী কোঠাৰ ভিতৰৰ পৰা সেনাৰ আচবাব সমুহ দলিয়াই উলিয়াই দিয়ে।

আৰক্ষীযে গোচৰ নং ৭৫/১৮ ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত ১৪৩/৪৪৮/৪২৭ আৰ/ডব্লিউ শাখা ৩ৰ পি ডি পি পি আইনৰ অধিনত এক গোচৰ ৰুজু কৰি সেনাৰ এজাহাৰৰ ভিত্তিত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস নমিতা দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু মঙলবাৰে পুৱাই কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰিব আহে যদিও ডেস্ক-বেঞ্চ নাছিল শ্ৰেণীকোঠাত৷ তেনেকৈয়ে ছাত্ৰ-ছাত্ৰীয়ে মজিয়াত বহি পাঠদান কৰে৷