ৰঙিয়াঃ বিদেশীক বৰপীৰা পাৰি দিব খোজা সোণোৱাল চৰকাৰৰ পুনৰ খিলঞ্জীয়াবিৰোধী স্থিতি। এইবাৰ ৰঙিয়াত উচ্ছেদৰ জাননীক লৈ হাহকাৰ এখন গাঁৱৰ ৰাইজৰ।

১৭ বছৰ পূৰ্বে ৰঙিয়াৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ প্ৰবল গৰাখহনীয়াই উটুৱাই নিছিল এইসকল লোকৰ মাটি-ভেটি। গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা প্ৰায় ১৬টা পৰিয়ালক তেতিয়াৰ অগপ চৰকাৰে সংস্থাপিত কৰিছিল ৰঙিয়াৰ তুলসীবাৰীৰ শান্তিপুৰত।

দিন-হাজিৰা কৰি পৰিয়াল চলোৱা এইসকল থলুৱা লোকলৈ আহিছে এতিয়া সোণোৱাল চৰকাৰৰ উচ্ছেদৰ জাননী। ৰঙিয়া চক্ৰ বিষয়াৰ জৰিয়তে জাৰি কৰা  হৈছে এই জাননী।

জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। "লাগিলে চৰকাৰে আমাক গুলীয়াই মাৰি পেলাওক, তথাপি মাটি এৰি দিবলৈ আমি সাজু নহয়।"- সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ উজাৰে এইসকল খিলঞ্জীয়া লোকে। 

যিটো দলে নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কৈছিল, গাদী দখলৰ পিছত সেই দলৰ চৰকাৰখনৰ এনে থলুৱা বিৰোধী স্থিতিয়ে উদঙাই দিছে এখন সম্পূৰ্ণ বিপৰীত ছবি।