মুম্বাইঃ কিমান সুৰক্ষিত বলিউদৰ তাৰকাসকল? সৰ্বসাধাৰণৰ মনোৰঞ্জৰ বাবে অভিনয় কৰা শিল্পীসকল শংকাত ভোগে নেকি? দৰাচলতে সঘনেই দুৰ্বৃত্তৰ চিকাৰ হয় জনপ্ৰিয় তাৰকাসকল৷

ছলমান খানৰ পাছত এইবাৰ বাদছাহ শ্বাহৰুখ খানলৈ আহিছে ভাবুকি৷

অহা ২৭ নৱেম্বৰত ওড়িষাত কিং খানে উদ্বোধনী কৰিবলগীয়া পুৰুষ হকী ৱৰ্ল্ড কাপ অনুস্থানৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে ভুবনেশ্বৰৰ স্থানীয় সংগঠন কলিংগ সেনাই৷

ইতিমধ্যে শ্বাহৰুখ খানৰ সুৰক্ষাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

জানিব পৰা মতে ১৭ বছৰৰ আগতে মুক্তি পোৱা ‘অশোকা’ ছবিখনত কালিংগসকলৰ বিষয়ে বেয়াকৈ দেখুৱাই ৰাজ্যখনৰ ইতিহাস বিকৃত কৰা বুলি অভিযোগ কৰিছে কালিংগসকলে৷ ইতিহাসৰ লগত খেলা কৰাৰ অভিযোগত ওড়িষাত পদাৰ্পণ কৰিলেই কিং খানৰ মুখলৈ চিয়াঁহী দলিওৱাৰ ভাবুকি প্ৰদান কৰিছে সংগঠনটোৱে৷

জনপ্ৰিয় অভিনেতাজন ৰাজ্যখনলৈ যোৱাৰ পাছত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেইয়া হ’ব লক্ষণীয়৷