গুৱাহাটীৰ পৰা বাছ বা চাৰিচকীয়া গাড়ীৰে উজনিলৈ যাত্ৰা কৰিলে, বা নামনিলৈ ভটিয়াই আহিলে পথৰ দাঁতিৰ দেৱালসমূহত চূণেৰে লিখা থকা কিছুমান শাৰী চকুত পৰে। প্ৰকৃতিৰ সৈতে মানুহক সংপৃক্ত কৰা তেনে শাৰীবোৰে যেন পূৰ্ণতা প্ৰদান কৰে পথৰ কাষৰ শূন্য দেৱালবোৰক। ক’ৰবাত যদি গছ নাকাটিবলৈ আহ্বান, ক’ৰবাত আকৌ গছেই যে মানুহৰ উশাহৰ কাৰক সেয়া কেইটামান বাক্যৰ জৰিয়তে বুজাবলৈ প্ৰয়াস। পিছে বগা বগা এই আখৰবোৰৰ আঁৰত আছে নেকি কোনো দল-সংগঠন? আছে নেকি কোনো বিশেষ ব্যক্তি?

মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কক আৰু অধিক নিবিড় কৰি তোলাৰ বাবে চেষ্টা কৰা দেৱালৰ সেই চুটি চুটি বাক্যবোৰৰ আঁৰত আছে প্ৰকৃতিক হৃদয় উজাৰি ভালপোৱা এগৰাকী ব্যক্তিৰ সংকল্প। বিগত তিনিটা দশকে এনেদৰে দেৱাল লিখনৰ জৰিয়তে তেওঁ মানুহৰ মাজত বিলাই ফুৰিছে প্ৰকৃতিৰ বাৰ্তা। 

প্ৰকৃতিপ্ৰেমী মানুহজনৰ নাম হৈছে কিৰণ গগৈ। তিনিচুকীয়া জিলাৰ চাবুৱাৰ জেৰাগাঁৱত ঘৰ তেওঁ। ১৯৯৩ চনতে 'বিচিত্ৰ ধৰিত্ৰী’ নামেৰে প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কক নিবিড় কৰি তোলাৰ বাবে এক যাত্ৰা আৰম্ভ কৰিছিল কিৰণ গগৈয়ে। মানুহক জীৱন দিয়া প্ৰকৃতিৰ প্ৰতি মানুহৰ উদাসীনতাই ব্যথিত কৰিছিল তেওঁক। যাৰ বাবে মানুহক প্ৰকৃতিৰ প্ৰতি সজাগ কৰি তুলিবলৈ তেওঁ সন্ধান কৰিছিল এক বাটৰ। তেওঁৰ বাবে সহজ নাছিল সেই বাটৰ যাত্ৰা। কিন্তু তিনিটা দশকত নানান ঘাট-প্ৰতিঘাটৰ সন্মুখীন হৈ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ প্ৰকৃতিৰ চেতনা বিলাইছে। মানুহৰ মাজত তেওঁ নিজৰো এটি পৰিচয় গঢ়িছে।

১৯৯৩ চনত 'বিচিত্ৰ ধৰিত্ৰী’ৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সাত বছৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক সহকাৰী প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰিছিল কিৰণ গগৈয়ে। সেই সময়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ বিষয়ে পাঠ পঢ়াওতে নিজেও ভাবুক হৈ পৰিছিল তেওঁ। প্ৰকৃতিৰ সুমধুৰ বাৰ্তা প্ৰদান কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেও তেওঁক উদ্বুব্ধ কৰিছিল। 

কিৰণ গগৈয়ে কয়, “মোৰ আইও প্ৰকৃতিপ্ৰেমী আছিল। তেওঁৰ প্ৰকৃতিক লৈ নিজে ৰচনা কৰি গীতবোৰ গাইছিল। সেয়ে প্ৰকৃতিৰ প্ৰতি মোৰ টান মোৰ তেজতে আছে। ডাঙৰ হৈ যেতিয়া জ্যোতি-বিষ্ণুৰ গীতবোৰ শুনিবলৈ ধৰিলো, কিতাপ-পত্ৰত প্ৰকৃতিৰ নানান কথা পঢ়িবলৈ পালোঁ, তেতিয়া মোৰ তেজত থকা প্ৰকৃতিৰ প্ৰতি সেই টান অধিক হৈ পৰিল। মই ভাৱো আমি মানুহো প্ৰকৃতি। প্ৰকৃতিৰ পৰাই আমাৰ জন্ম। প্ৰকৃতি নাথাকিলে আমাৰ অস্তিত্বই বা কি! সেয়ে প্ৰকৃতিক লৈ মানুহক সজাগ কৰিবলৈ মই প্ৰয়াস আৰম্ভ কৰোঁ।’’

কিৰণ গগৈৰ প্ৰকৃতি বিষয়ক দেৱাল লিখন, ফটোঃ NNO

কিৰণ গগৈয়ে প্ৰথমে বিদ্যালয়ে বিদ্যালয়ে গৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ বিষয়ে বুজাবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত কাপোৰত প্ৰকৃতি সম্পৰ্কীয় বাক্য লিখি ৰাজহুৱা স্থানত আঁৰিবলৈ আৰম্ভ কৰে। কিন্তু তেনে কাপোৰৰ বেনাৰ বেছিদিন নিটিকে। ৰ’দ-বৰষুণত সেয়া সোনকালেই নষ্ট হৈ যায় আৰু কিৰণ গগৈয়ে প্ৰকৃতিৰ প্ৰতি লিখা বাক্যবোৰৰ অস্তিত্ব হেৰায় পেলায়। এনে কাৰণতে তেওঁ স্থায়ী আৰু দীৰ্ঘম্যাদি অন্য বিকল্পৰ সন্ধানত নামি পৰে। আৰু তেনেতে তেওঁৰ চকুত পৰে পথৰ দাঁতিৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ উদং খালী দেৱালবোৰ।

কিৰণ গগৈয়ে কয়, “১৯৯৩ চনৰ আৰম্ভণিৰ সময়ছোৱাত মই কাপোৰৰ বেনাৰত শ্ল’গান লিখি লিখি ৰাজহুৱা স্থানত আঁৰি থৈছিলো। কিন্তু সেইবোৰ স্থায়ী নাছিল। কাপোৰবোৰ কম দিনৰ ভিতৰতে ফালি-চিৰি যোৱাৰ বাবে মানুহৰ মাজতো মই লিখা বাক্যবোৰৰ প্ৰভাৱ প্ৰসাৰিত হোৱা নাছিল। আৰু তেতিয়াই মই চূণেৰে পথৰ কাষৰ দেৱালবোৰত লিখিবলৈ আৰম্ভ কৰো। চাবুৱাৰ আশে-পাশে থকা দেৱালবোৰত লিখিবলৈ লোৱাত মানুহেও ভাল পাবলৈ ধৰিলে। আৰু তেনেকৈয়ে মোৰ দীঘলীয়া যাত্ৰা আৰম্ভ হ’ল।’’

গাঁৱত সুৰাৰ প্ৰচলনৰ বিৰুদ্ধে অনশন

কেৱল প্ৰকৃতিক লৈয়ে নহয়, সমাজৰ অন্য বিষয়ক লৈয়ো সমানেই সজাগ কিৰণ গগৈ। এবাৰ তেওঁ নিজৰ গাঁওখনত সুৰাৰ প্ৰচলন বন্ধ কৰাৰ বিৰুদ্ধে ৩৪ ঘণ্টীয়া অনশনতো বহিছিল। NNOৰ আগত সেই কথা স্মৰণ কৰি তেওঁ কয়, “মদ মানুহে খায় নে মদে মানুহক খায়? মদ সমাজৰ বাবে বিহ। সেয়ে যিদৰে আমি প্ৰকৃতিক ৰক্ষা কৰাৰ প্ৰয়োজন, সেইদৰে মদৰ পৰাও মানুহক ৰক্ষা কৰিব লাগে। ইয়াৰ বাবেও মই দেৱাল লিখনৰ জৰিয়তে প্ৰয়াস কৰি আহিছোঁ। ঠায়ে ঠায়ে মই এই বৰবিহৰ বিৰুদ্ধে আখৰেৰে মানুহক সজাগ কৰিবলৈ চেষ্টা চলাইছোঁ।’’

কিৰণ গগৈয়ে কোৱা মতে, সেয়া প্ৰায় ৩৫ বছৰৰ আগৰ কথা। তেওঁৰ জন্মগাঁও চাবুৱাৰ জেৰাগাঁৱত ভয়াৱহভাৱে বৃদ্ধি পাইছিল সুৰাৰ প্ৰচলন। এই সুৰাৰ প্ৰচলনৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় কিৰণ গগৈয়ে। গাঁৱৰ নামঘৰত তেওঁ সুৰাৰ বিৰুদ্ধে তিনিদিনীয়া অনশনত বহে। অৱশ্যে গাঁৱৰ অন্য লোকসকলৰ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰু বুজনিত অৱশেষত ৩৪ ঘণ্টাৰ পিছতে তেওঁ অনশন বাতিল কৰে। কিন্তু তেওঁৰ সেই অনশনে তেওঁৰ গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোতে কম-বেছি পৰিমাণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। কিৰণ গগৈৰ এক প্ৰতিবাদী পদক্ষেপে পৰৱৰ্তী সময়ত সমগ্ৰ অঞ্চলটোতে সুৰাৰ প্ৰচলন বহু পৰিমাণে হ্ৰাস কৰিছিল।

একেদৰে বাল্যবিবাহ, জাতিভেদ আদিৰ দৰে সামাজিক ব্যধিৰ বিৰুদ্ধেও সজোৰে মাত মাতি আহিছে কিৰণ গগৈয়ে। অৱশ্যে আনতকৈ তেওঁৰ প্ৰতিবাদৰ ভাষা পৃথক। তেওঁ ৰাজপথত প্ৰতিবাদ নকৰে, তেওঁ প্ৰতিবাদ প্ৰকাশ কৰে পথৰ কাষৰ দেৱালবোৰত চূণেৰে লিখি ৰখা বগা বগা আখৰবোৰে। ইয়াৰোপৰিও বিভিন্ন বিদ্যালয় আৰু ৰাজহুৱা অনুষ্ঠানলৈ আমন্ত্ৰিত হৈয়ো তেওঁ খুলি কয় প্ৰকৃতি, মানুহ আৰু সামাজিক ব্যধিক লৈ থকা তেওঁৰ মনৰ কথাবোৰ। 

সহজ নাছিল এই যাত্ৰা, খালী পেটে নোৱাৰি কৰিব চিন্তা

ভেন্সাৰ স্কুলৰ শিক্ষকতাৰ চাকৰি কৰি প্ৰকৃতিৰ প্ৰতি মানুহক সজাগ কৰিবলৈ কিৰণ গগৈৰ এই বিচিত্ৰ ধৰিত্ৰীৰ যাত্ৰা সহজ মুঠেও নাছিল। প্ৰতিদিনেই তেওঁ কৰিবলগীয়া হৈছিল জীৱনৰ অন্য এক সংগ্ৰাম। দেৱাল লিখন কৰিবলৈ, ইফালে-সিফালে যাবলৈ প্ৰয়োজন হৈছিল ধন। চাইকেলৰ আগত চূণৰ টেকেলিটো ওলোমাই লৈ ওচৰ-পাজৰৰ ঠাইখিনিলৈ যাব পৰা গ’লেও দূৰলৈ যাবলৈ গাড়ীৰ ভাড়াৰ যোগাৰ কৰাটো কিৰণ গগৈৰ বাবে আছিল এক মূল প্ৰত্যাহ্বান। সেয়ে মনত প্ৰকৃতিৰ প্ৰতি অদম্য ভালপোৱা থাকিলেও কেতিয়াবা তেওঁ থমকি ৰ’বলগীয়াও হৈছিল।

আৰম্ভণিৰ দিনৰ সেই সংগ্ৰামৰ স্মৃতি সুঁৱৰি কিৰণ গগৈয়ে কয়, “মোৰো পৰিয়াল আছে, ময়ো পৰিয়ালৰ কথা ভাৱিবলগীয়া হয়। দেৱাল লিখন কৰিবলৈ চূণ, ব্ৰাছ আদিবোৰ কিনিব লাগে। তদুপৰি যেতিয়া ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হয়, তেতিয়া গাড়ীৰ ভাড়াও প্ৰয়োজন হয়। আগতে বহুবাৰ মোক হাতত ভাড়াৰ পইচা নথকা বাবে বাছৰ পৰা নমাইও দিছে। তেতিয়া খোজকাঢ়ি গৈ নিজৰ কাম কৰিবলগীয়া হৈছিল।’’

এনেসমূহ প্ৰত্যাহ্বানৰ বাবেও দূৰণিৰ ঠাইলৈ দেৱাল লিখনৰ বাবে গৈ কিৰণ গগৈ সন্মুখীন হ’বলগীয়া হৈছিল অন্য বহু সমস্যাৰো। ঘৰৰ পৰা দূৰলৈ গৈ থকা-খোৱাৰ বাবে চিন্তা কৰিবলগীয়া হৈছিল তেওঁ। বহুবাৰ মানুহৰ ঘৰৰ বাৰান্দা, ঘন জংঘলৰ মাজৰ জনশূন্য মন্দিৰ, স্কুল ঘৰ হৈ পৰিছিল তেওঁৰ আশ্ৰয়স্থল। চিনাকি থাকিলে খাবলৈ পাইছিল, নহ’লে খালী পেটেৰেই তেওঁ সময় পাৰ কৰিবলগীয়াও হৈছিল। 

তেনে এক দিনৰ কথা মনত পেলাই কিৰণ গগৈয়ে কয় যে, এবাৰ দেৱাল লিখন কৰিবলৈ যোৱাৰ পিছত ৰাতিটো কটাবলৈ আশ্ৰয় বিচাৰি ফুৰিছিল। বহুতৰে ঘৰত আশ্ৰয় বিচাৰি বিমুখ হোৱাৰ পিছত এখন বিদ্যালয়ৰ চকীদাৰজনৰ ঘৰলৈ আশ্ৰয় বিচাৰি যোৱাত তেওঁক দেখি 'পিচল মানুহ’ (সেই সময়ত ঠায়ে ঠায়ে একপ্ৰকাৰ ডকাইতে গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল বুলি প্ৰচাৰ চলিছিল) বুলি ভয় খাই চকীদাৰজনে চিঞৰ-বাখৰ আৰম্ভ কৰে। তাৰ পিছত শ শ লোক গোট খাই তেওঁক ধৰি অৱশেষত আৰক্ষীক গতাই দিয়ে। পিছত যেনিবা এগৰাকী চিনাকি শিক্ষকে আৰক্ষী থানাৰ পৰা তেওঁক লৈ যায়।

এনেদৰে গুৱাহাটীৰ সোণাপুৰত এবাৰ দেৱাল লিখন কৰিবলৈ আহি এগৰাকী শিক্ষকৰ ঘৰৰ বাৰান্দাতে নিশাটো পাৰ কৰিবলগীয়া হৈছিল তেওঁ। এবাৰ জনশূন্য এটা নিৰ্জন মন্দিৰৰ বাৰান্দাত মহৰ কামোৰতে পাৰ হৈছিল তেওঁৰ ৰাতি। কিৰণ গগৈয়ে কয়, “বহুতেই মোক ভাল পায়। মই গ’লে আথে-বেথে অপ্যায়ন কৰে, থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু বহু ঠাইত থকা-খোৱাৰ বাবে সমস্যা হয়। একাংশ মানুহে আমাক গুৰুত্ব দিব নিবিচাৰে। কিন্তু তথাপিও মই কেতিয়াও থমকি ৰোৱা নাই। কষ্ট আৰু প্ৰত্যাহ্বানৰ মাজতো প্ৰকৃতিৰ কথা মই মানুহৰ মাজত বিলাই গৈছোঁ।’’

প্ৰকৃতিক ভালপোৱা কিৰণ গগৈ

অৱশ্যে বিগত তিনিটা দশকত পৰিস্থিতি এতিয়া বহু সলনি হৈছে। এসময়ত চাইকেল লৈ ঘূৰি ফুৰা কিৰণ গগৈয়ে পিছত এখন বাইকত উঠি প্ৰকৃতি প্ৰেম বিলাবলৈ সক্ষম হৈছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁ ঘূৰে, মানুহে তেওঁক এতিয়া চিনি পোৱা হৈছে। তেওঁ কৰা কামবোৰ মানুহে প্ৰশংসা কৰে। বহুতে নিজৰ ধুনীয়া দেৱালখনত প্ৰকৃতি প্ৰেমৰ এশাৰী বাক্য লিখিবলৈ তেওঁক আমন্ত্ৰণ কৰে। প্ৰতিদিনে বিভিন্ন বিদ্যালয় আৰু ৰাজহুৱা অনুষ্ঠানলৈ প্ৰকৃতিৰ বিষয়ে কথা ক’বলৈ তেওঁক আমন্ত্ৰণ জনোৱা হয়। ইয়াৰ বিনিময়ত কিবা এটা মাননি তেওঁ লাভ কৰে আৰু সেই টকাৰেই তেওঁ পৰিয়ালটো চলাই থকাৰ লগতে দেৱাল লিখনৰ বাবে প্ৰয়োজনীয় খা-খৰছসমূহৰ ব্যৱস্থা কৰে। উল্লেখ্য যে, কিৰণ গগৈ এগৰাকী ভাল বক্তাও। 

প্ৰকৃতি প্ৰেমী কিৰণ গগৈয়ে কয়, “দেৱাল এখনত প্ৰকৃতিক লৈ বাক্য এটা লিখাৰ পিছত যেতিয়া মানুহে আহি তাৰ প্ৰশংসা কৰে, তেতিয়া মোৰ ভাল লাগে। এই সৰু কামটোৰেই মই সাৰ্থক হোৱা যেন অনুভৱ কৰোঁ।’’ তেওঁ পুনৰ কয়, “দেৱালত লিখি মই সকলো মানুহক প্ৰকৃতিৰ বিষয়ে সজাগ কৰিব নোৱাৰো। কিন্তু মই ভাবো বিগত তিনিটা দশকত মই অন্ততঃ ৫০ শতাংশ মানুহক সজাগ কৰিছো। কোৱা হয়- ঘঁহি থাকিলে শিলো ক্ষয় হয়। দেৱালত লিখা থকা আখৰবোৰ সদায় পঢ়ি পঢ়ি মানুহৰ মনটো নিশ্চয় প্ৰকৃতিৰ প্ৰতি কোমল হ’ব।’’

ভূটানত ৰজাৰ দেৱালত লিখিছিল যুদ্ধৰ কথা

নিজকে প্ৰকৃতিৰ সন্তান বুলি ভৱা কিৰণ গগৈৰ যাত্ৰাত যিদৰে সোমাই আছে নানান ঘাত-প্ৰতিঘাত, সেইদৰে কেতিয়াবা ঘটিছে আমোদজনক ঘটনাও। অৱশ্যে সেই ঘটনাসমূহ আজি শুনিবলৈ আমোদজনক হ’লেও এসময়ত সেয়াও আছিল তেওঁৰ জীৱনৰ একো একোটা ভয়াৱহ স্মৃতি। তেনে এক ঘটনাই ঘটিছিল যেতিয়া তেওঁ ভুলবশতঃ ভূটানত প্ৰৱেশ কৰি ৰজাৰ দেৱালত যুদ্ধৰ কথা লিখিছিল...।

গগৈয়ে সেই ঘটনাটোৰ বিষয়ে আমাক কয়, “দেৱাল লিখনৰ বাবে তেতিয়া মই কোকৰাঝাৰলৈ গৈছিলো। তাত চিনাকি এজনৰ ঘৰত থাকি কেইবাখনো দেৱালত প্ৰকৃতিক লৈ কেইবাটাও উক্তি লিখিছিলো। এদিন তেনেকৈয়ে দেৱাল বিচাৰি বিচাৰি ঘূৰি ফুৰোতেই বাইকেৰে ভুলতে আমি ভাৰত-ভূটান সীমান্ত পালো। সীমান্তৰ চেক গেট পাৰ কৰি ভূটানত প্ৰৱেশ কৰোতে আমাৰ বৰ বিশেষ সমস্যা নহ’ল। মই য’লৈকে যাওঁ, লগত চূণৰ টেকেলিটো থাকেই। ভূটানত প্ৰৱেশ কৰাৰ সময়তো টেকেলিটো আছিল মোৰ লগত। তাত প্ৰৱেশ কৰাৰ পিছত এখন ধুনীয়া দেৱাল দেখি মই ৰ’ব নোৱাৰিলো। চূণৰ টেকেলিটো হাতত লৈ দেৱালখনৰ কাষ পালো আৰু স্বভাৱসুলভ ভাৱে ইৰাংজীতে লিখি পেলালো- লাইফ ইজ এ ৱাৰ!”

তেওঁ কৈ গৈছে, “কিন্তু সেয়া লিখা দেখি কোনোবাই ভূটান পুলিচক খবৰ দিলে, আৰু লগে লগে পুলিচে আহি ধৰি বান্ধি আমাক থানালৈ লৈ গ’ল। থানাত সেই সময়ত অফিচাৰ নাছিল বাবে বহু সময় আমাক তাতে বহুৱাই থোৱা হ’ল। জে’লৰ কয়দীলৈ অনা ভাতো আমাক খাবলৈ দিয়া হ’ল। কেইবা ঘণ্টা থানাৰ ভিতৰতে বহি থকাৰ পিছত অৱশেষত অফিচাৰজন আহি মোক ৰঙা চকু দেখুৱাই প্ৰশ্ন কৰিলে- ৰজাৰ দেৱালত কিয় লিখিছে? মই তেতিয়াহে গম পালো যে মই যিখন দেৱালত লিখিছো, সেইখন ভূটানৰ ৰজাৰ চৌহদৰ দেৱালহে, তাকো লিখিছো যুদ্ধৰ কথা। সেয়ে পুলিচে বেছি ভয় খাইছিল। পিছত যেনিবা মই সকলো কথা বুজাই বঢ়াই কোৱাত সকিয়নী দি মোক আহিবলৈ দিলে। সেই দিনটো মোৰ বাবে ভয়ানক দিনেই আছিল। আজিও দিনটোৰ কথা মনত পৰিলে গাৰ নোম শিঁয়ৰি উঠে। কেতিয়াবা পিছে হাঁহিও উঠে আজিকালি।’’

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


প্ৰকৃতি মোৰ আই, মোৰ আইৰ কষ্ট মই সহিম কিদৰে?

“প্ৰকৃতি আমাৰ অভিন্ন অংগ। গছ নথকা পৃথিৱী এখন কোনে কল্পনা কৰিব পাৰে? চৰাই-চিৰিকটি, জীৱ-জন্তু সকলোৱে যাতে ক’ব পাৰে যে মানুহে এখন ধুনীয়া পৃথিৱী নিৰ্মাণ কৰিছে, তাৰ বাবেই আমি প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো প্ৰয়োজন। বিশ্ব ব্ৰহ্মাণ্ডৰ আন ক’ৰবাত যদি জীৱনৰ অস্তিত্ব আছে, সিঁহতেও যাতে ক’ব পাৰে যে মানুহৰ বাবেই আজি পৃথিৱীখন ধুনীয়া হৈ আছে। প্ৰকৃতি আছে মানেই আমিও আছো। আমি মৃত্যুৰ পিছতো প্ৰকৃতিতে বিলীন হম। আমাৰ মৃত্যুৰ পিছতো যিয়ে আমাক আশ্ৰয় দিয়ে, তাৰ কথা আমি চিন্তা কৰিবই লাগিব।’’ –কিৰণ গগৈয়ে কয়।

কিন্তু কিৰণ গগৈৰ আক্ষেপ- প্ৰকৃতিক লৈ মানুহ সিমানো সচেতন নহয়। প্ৰকৃতিক আই বুলি কোৱা হয়, অথচ সেই মাতৃৰ কষ্টকে সন্তানে উপেক্ষা কৰে। বৰ্তমান সময়ত উন্নয়নৰ নামত জধে-মধে গছ কটা হৈছে, প্ৰকৃতি ধ্বংসযজ্ঞ চলাই থকা হৈছে। অসমৰ পৰিৱেশৰ প্ৰতি অনুকুল নোহোৱা পাম অইলৰ দৰে গছ আজি ইয়াত খেতি কৰি প্ৰকৃতি ধ্বংস কৰাৰ অভিসন্ধি ৰচনা কৰা হৈছে। এনেবোৰ ঘটনা চকুৰ সন্মুখতে ঘটি থকা দেখি বেজাৰ ব্যক্ত কৰে কিৰণ গগৈয়ে। তেওঁ কয়, “সন্তানৰ ভুল দেখিলে মাকে গালি পাৰে, খং দেখুৱায়। প্ৰকৃতিও আমাৰ মাতৃ। আমি কৰা ভুলবোৰৰ বাবে কেতিয়াবা প্ৰকৃতিয়েও আমাক খং দেখুৱায়। সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ঘটনাও প্ৰকৃতি মাতৃয়ে দেখুওৱা খঙৰে পৰিণাম। আমি আইৰ খং দেখি নিজকে শুধৰণি কৰিব লাগিব।’’

প্ৰকৃতিক মনে-প্ৰাণে ভাল পোৱা আৰু প্ৰকৃতিৰ বাবে সৰ্বস্ব উজাৰি দি কাম কৰা কিৰণ গগৈয়ে কথাৰ মাজতে উল্লেখ কৰে অৰণ্য মানৱ যাদৱ পায়েঙৰ কথাও। তেওঁ শলাগ লয় প্ৰকৃতিৰ হকে মাত মাতি অহা বিভিন্ন সংস্থা আৰু ব্যক্তিসকলৰো। কিন্তু চৰকাৰৰ প্ৰতি আক্ষেপ ব্যক্ত কৰি তেওঁ কয়, “যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে, অন্য উন্নয়নমূলক কামৰ বাবে চৰকাৰে গছ কটাৰ সিদ্ধান্ত লয়, যেতিয়া অসমত পাম অইলৰ খেতিৰ বাবে বহিৰাগতক আমাৰ মাটি গতাই দিয়া হয়, তেতিয়া চৰকাৰে যাদৱ পায়েঙ বা অন্য কোনো প্ৰকৃতি প্ৰেমীৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলনে? আজি উন্নয়নৰ নামত চৰকাৰে প্ৰকৃতিক নিঃশেষ কৰিছে, কাইলৈ আমাৰ ভৱিষ্যত প্ৰজন্মই উশাহ ল’বলৈও দহবাৰ ভাৱিবলগীয়া হ’ব। য’ত ভৱিষ্যত প্ৰজন্মৰ বাবে মুক্ত পৰিৱেশ নাই, সেয়া কেনে উন্নয়ন?”

পথৰ দাঁতিৰ দেৱালত কিৰণ গগৈৰ দেৱাল লিখন

মানুহে ভাল পোৱা মানুহজন...

কিৰণ গগৈৰ এনে চিন্তা, বহল মনটোৰ বাবেই আজি সমগ্ৰ অসমজুৰি তেওঁক ভালপোৱা মানুহ আছে, তেওঁক ভালপোৱা, তেওঁৰ কৰ্মক স্বীকৃতি দিয়া মানুহখিনিৰ তাড়নাতে ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফূৰে কিৰণ গগৈয়ে। যেতিয়া তেওঁ দুৰ্ঘটনাত পতিত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল, তেতিয়াও অনবৰতে তেওঁৰ কাষত আছিল তেওঁক ভালপোৱা মানুহখিনি।

চলিত বৰ্ষৰে শিক্ষক দিৱসৰ দিনটোত এক দুৰ্ঘটনাত পতিত হৈছিল কিৰণ গগৈ। শিক্ষক দিৱসৰ দিনা এখন বিদ্যালয়ৰ অনুষ্ঠানৰ আমন্ত্ৰণ ৰক্ষা কৰি ঘৰলৈ উভতি অহাৰ সময়তে তীব্ৰবেগত বাইকত অহা দুজন ছাত্ৰই মহতিয়াই নিছিল তেওঁৰ বাইকখন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা  কিৰণ গগৈক যেতিয়া হাস্পতালত ভৰ্তি কৰা হৈছিল, তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অলেখ শুভাকাংক্ষী। 

প্ৰায় আঢ়ৈ লাখ টকা চিকিত্সা ব্যয়ৰ পিছত এতিয়া লাহে লাহে সুস্থ হৈ উঠিছে তেওঁ। পুনৰ প্ৰকৃতি প্ৰেমৰ নিচান উৰুৱাবলৈ তেওঁ প্ৰচেষ্টা হাতত লৈছে। অৱশ্যে দূৰণিলৈ যাত্ৰা এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ওচৰ পাজৰে নতুনকৈ মূৰ দাঙি উঠা দেৱালবোৰত পুনৰ জিলিকিবলৈ আৰম্ভ কৰিছে কিৰণ গগৈৰ হাতৰ আখৰবোৰ। উজনি বা নামনিলৈ আপুনি গাড়ীৰে গৈ থকা সময়ত পথৰ দাঁতিৰ দেৱালৰ বগা বগা আখৰবোৰে হয়তো কেতিয়াবা আপোনাৰো চকুৰে সৰকি চুই গৈছে হদয়! শদিয়াৰ পৰা ধুবুৰীলৈকে দুহেজাৰৰো অধিক দেৱালত লিখা থকা এহাজাৰৰো অধিক এই বাণীবোৰেই হৈছে কিৰণ গগৈৰ অনন্য প্ৰকৃতি প্ৰেমৰ সাক্ষী।


♦ ঋতুৰাজ মুদৈৰ সহযোগত News Next Oneৰ বাবে সাংবাদিক পংকজ তৰুণে যুগুত কৰিছে এই প্ৰতিবেদন।