newsnextone.com | নলবাৰীঃ দল বাগৰাৰ ৰাজনীতি অসমত নতুন কথা নহয়৷ বৰ বৰ নেতাই নিশাৰ ভিতৰতে ইটো দলৰ পৰা ওলাই আহি সিটো দলত যোগ দিয়া বিগত সময়ত অসমৰ ৰাইজে দেখিছে৷

মন্ত্ৰীৰ পৰা সাংসদলৈ, বিধায়কৰ পৰা তৃণমূল কৰ্মীলৈকে সকলোৱে দল বাগৰাৰ ৰাজনীতিত সিদ্ধহস্ত৷ দল শাসনত নাথাকিলে একাংশ নেতাই দলটো এৰি আন দললৈ আহে৷ এয়া যেন পৰম্পৰা হৈ পৰিছে অসমত৷ একাংশ লোকে বিৰোধী দলত থাকি সা-সুবিধা নোপোৱাৰ ফলত শাসকীয় দলৰ সৈতে জড়িত হৈ সুবিধা আদায়ৰ আশা কৰে বুলি অভিযোগ উত্থাপিত হয়৷

যাৰ বাবে শাসকীয় দলৰ সৈতে জড়িত হৈ পৰে৷ কিন্তু একাংশ লোকে প্ৰকৃততে কোনো এটা দলৰ আদৰ্শক সমৰ্থন কৰি দললৈ আহে৷ তেওলোকে দলৰ আদৰ্শ গ্ৰহণ কৰি দেশ, জাতিৰ হকে কাম কৰা স্বাৰ্থত ওলাই আহি এটি দলৰ সৈতে জৰিত হয়৷ তাৰ মাজতে কংগ্ৰেছৰ নামনি অসমৰ এগৰাকী জ্যেষ্ঠ নেতাই দল এৰাৰ বিষয়টো চৰ্চাৰ বিষয় হৈ পৰিছে৷

নলবাৰী কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা০ ভূমিধৰ বৰ্মনৰ জোৱাই কিশোৰ হাজৰিকাই কংগ্ৰেছ এৰাৰ বিষয়টো চৰ্চালৈ আহিছে৷ জানিব পৰা মতে, ইতিমধ্যে আনুষ্ঠানিকভাৱে দলৰ পৰা পদত্যাগ কৰিছে কিশোৰ হাজৰিকাই। নলবাৰী জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কিশোৰ হাজৰিকাই হাত এৰি হাতীত উঠিব বুলি খবৰ ওলাইছে৷ 

১৯৯১ চনত ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰি প্ৰতিদ্বন্দ্বিতা কৰা বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হাজৰিকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বাবেই কংগ্ৰেছৰ পৰা ওলাই অহা বুলি জানিব পৰা যায়৷ 

বিগত কেইবামাহৰ পৰা নলবাৰী জিলা কংগ্ৰেছৰ একাংশ বিষয়-ববীয়াই বিসম্বাদত লিপ্ত থকাৰ পৰিণতিতে তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি খবৰ প্ৰকাশ হৈছে। উল্লেখ্য যে, বৰ্তমান নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি হৈ আছে ডা০ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন। জিলাৰ নেতৃত্বত নিজৰ আত্মীয় থকাৰ পিছতোঁ কিশোৰ হাজৰিকাই দলৰ পৰা পদত্যাগ কৰা কাৰ্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

হাজৰিকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। সূত্ৰৰ মতে কিশোৰ হাজৰিকাই অচিৰেই অসম গণ পৰিষদ দলত যোগদান কৰিব। সূত্ৰটোৰ মতে অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত আঞ্চলিক দল অগপত যোগদান কৰিব হাজৰিকাই।