newsnextone.com | ডিজিটেল ডেস্কঃ ন্যায়াধীশ কে এম যোছেফৰ পদোন্নতি লৈ ন্যায়াধীশ আৰু চৰকাৰৰ মাজত মতবিৰোধ সংঘটিত থকাৰ সময়তে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাই এই সম্পৰ্কে আলোচনা কৰাৰ অৰ্থে শুকুৰবাৰে কলেজিয়ামৰ এখন বৈঠন আয়োজন কৰে৷ 

এই বৈঠকখনৰ পিছত শীৰ্ষ ৫ গৰাকী ন্যায়াধীশে ন্যায়াধীশ কে এম যোছেফৰ পদোন্নতি সম্পৰ্কে পুনৰ উচ্চতম ন্যায়ালয়ক আবেদন প্ৰেৰণ কৰিব৷ প্ৰাপ্ত খবৰ মতে এই বৈঠকখনৰ দিনৰ ১ বজাত অনুষ্ঠিত হ’ব৷

উচ্চতম ন্যায়ালয়ক আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ সকলৰ মাজৰ এজন ন্যায়াধীশ জাস্তী চেলমেধ্যৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাক এখন পত্ৰযোগে কে এম যোচেফৰ পদোন্নতি সম্পৰ্কে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল৷ 

ইফালে কলেজিয়ামৰ সদস্য আন ৩ গৰাকী ন্যায়াধীশেও মুখ্য ন্যায়াধীশক লগ কৰি কে এম যোছেফৰ পদোন্নতি সম্পৰ্কে পুনৰ বিচাৰ কৰিবলৈ মুখ্য ন্যায়াধীশগৰাকীক আবেদন জনাইছিল৷ ন্যায়াধীশ সকলৰ আবেদনৰ পিছতে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোছেফৰ পদোন্নতি সম্পৰ্কে আলোচনা কৰিবলৈ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাই এই বৈঠক আয়োজন কৰে৷

উল্লেখ্য যে, ন্যায়াধীশ যোছেফৰ পদোন্নতিত আপত্তি জনাইছিল আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে৷ ইয়াৰ পিছতে আইন মন্ত্ৰীগৰাকীৰ আপত্তিৰ প্ৰত্যুত্তৰ জনাই ন্যায়াধীশ চেলমেধ্যৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাক পত্ৰ প্ৰেৰণ কৰে৷ কলেজিয়ামৰ বৈঠকখন বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ন্যায়াধীশ চেলমেধ্যৰ সেইদিনা চুটিত থকা কাৰণে বৈঠকৰ সময় পিছুৱাই দিয়া হয়৷ 

উল্লেখ্য যে, চিজেআই দীপক মিশ্ৰা আৰু ন্যায়াধীশ চেলামধ্যেৰৰ লগতে কলেজিয়ামৰ সদস্য ন্যায়াধীশ ৰঞ্জন গগৈ, এম বি লোকুৰ আৰু কুৰিয়ন যোচেফেও ন্যায়াধীশ কে এম যোছেফৰ পদোন্নতি সম্পৰ্কে আবেদন জনায়৷