বিশেষ NNO প্ৰতিবেদনঃ ৰাষ্ট্ৰদ্ৰোহী সজাই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰাৰ পিছতে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৩৩ টা গোচৰৰ আঁত ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এন এছ এ জাপি দিয়াৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষক মুক্তিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ যোজা চলোৱা দেখা গৈছে।

CLICK ►টিভিত নহয়, বাস্তৱত এইবাৰ কইনা হ’ব ভাৰতী

চৰকাৰ প্ৰশাসনৰ এনে কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আন দল-সংগঠনসমূহো। একাধিক বিশিষ্ট ব্যক্তিয়েও এনে সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰাৰ খবৰ আহিছে। একেদৰে ছ’চিয়েল মিডিয়াতো অখিলক এন এছ এ জাপি দিয়াক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। এইবোৰৰ মাজতে অখিলৰ দৰেকৈ তেওঁ নেতৃত্ব দিয়া সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিকো নিঃশেষ কৰিবলৈ পৰিৱৰ্তনৰ শ্লগানেৰে শাসনৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন উঠি-পৰি লগাৰ খবৰ আহিছে।

এটি সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে, অখিলক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৱে হাতত ল’ব পৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলক উত্তেজিত হ’বলৈ বাধ্য কৰাবলৈ আৰক্ষী-প্ৰশাসনলৈ ওপৰমহলৰ পৰা আওপকীয়া নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। সংগঠনটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাত সহায়ক হ’বলৈকে তেনে গুপুত পৰিকল্পনা যুগুতোৱা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

CLICK ►টিভিত নহয়, বাস্তৱত এইবাৰ কইনা হ’ব ভাৰতী

এই অনুযায়ী প্ৰতিবাদী কাৰ্যসূচীত হিংসাত্মক ঘটনা সংঘটিত হ’লেই সংগঠনটোৰ বিৰুদ্ধে বিশেষ কৌশলেৰে নিষেধাজ্ঞা জাৰি কৰাৰো ব্লু-প্ৰিণ্ট ৰচিছে চৰকাৰ-প্ৰশাসনে। উল্লেখ্য যে এন এছ এ জাপি দিয়া সংগঠনটোৰ নেতা অখিলৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰে আলফা, এন এছ চি এন আৰু মাওবাদীৰে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষী-প্ৰশাসনে।

অখিলৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগ পৰৱৰ্তী সময়ত সংগঠনটোৰ ওপৰতো জাপি দিবলৈ ষড়যন্ত্ৰ ৰচিত হৈ আছে বুলি বিজেপিৰ সৈতে সু-সম্পৰ্ক থকা এটি গোপন সূত্ৰই নিউজ নেক্সট ওৱানক জানিবলৈ দিছে। এই সমগ্ৰ বিষয়টো বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাজনো নেতা তথা আৰ এছ এছৰ সৈতে জড়িত শীৰ্ষ নেতৃত্বই চোৱা-চিতা কৰি আছে বুলিও খবৰ পোৱা গৈছে। সমগ্ৰ প্ৰক্ৰিয়াটোত দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু কেবাগৰাকী প্ৰভুভক্ত প্ৰশাসনিক বিষয়া থকাৰ কথাও জানিব পৰা গৈছে।

CLICK ►টিভিত নহয়, বাস্তৱত এইবাৰ কইনা হ’ব ভাৰতী

অখিলৰ লগতে তেওঁ নেতৃত্ব দিয়া সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি ক্ৰমাৎ শক্তিশালী হৈ অহাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে এনেদৰে আওপকীয়াকৈ সংগঠনটোকে নিষিদ্ধ কৰিবলৈ প্ৰস্তুতি চলাইছে বুলি অনুমান কৰা হৈছে। একেদৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো কেবাখনো জিলাত সংগঠনটোৱে শাসনাধিষ্ঠিত বিজেপিক শলঠেকত পেলাব পৰাৰ সম্ভাৱনা সম্পৰ্কে আৰ এছ এছে তৃণমূল পৰ্যায়ত জানিব পৰাৰ পিছতে এনেদৰে সংগঠনটোৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে চৰকাৰী বাহিনী।

আনহাতে বিজেপিৰ আই টি চেলকো অখিলক মাওবাদী বুলি তীব্ৰভাৱে প্ৰচাৰ কৰিবলৈ ওপৰমহলৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলিও সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। অখিলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিটো প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে কিদৰে মাওবাদীৰ সম্পৰ্ক টানি আনিব পৰা যায় সেই লৈ ইতিমধ্যে একপক্ষীয় গৱেষণা আৰম্ভ কৰিছে বিজেপিৰ এটা বিশেষ আই টি চেলে।

CLICK ►টিভিত নহয়, বাস্তৱত এইবাৰ কইনা হ’ব ভাৰতী

এনেদৰে সকলো ফালৰ পৰা চাপ সৃষ্টি কৰি সংগঠনটোক জনমানসত একপ্ৰকাৰ হেয় প্ৰতিপন্ন কৰি দুৰ্বল কৰাৰ লগতে শেষ মুহূৰ্তত নিষিদ্ধ ঘোষণা কৰিবলৈ ঢাপে ঢাপে চেষ্টা অব্যাহত ৰাখিছে। প্ৰথমটো ঢাপ হিচাপে সংগঠনটোৰ আৰু কেবাগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে পূৰ্বৰ গোচৰ জাপি দি আটক কৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে সূত্ৰটোৱে। এই সমগ্ৰ প্ৰক্ৰিয়া নিৰীক্ষণৰ দায়িত্বত থকা বিজেপিৰ এজন ৰাজ্যিক পৰ্যায়ৰ নেতাই প্ৰথমে কৃষক মুক্তি সংগ্ৰাম সমিতিক হিংসাত্মক হ’বলৈ বাধ্য কৰোৱা কৌশলটোত অধিক গুৰুত্ব আৰোপ কৰা বুলিও জানিব পৰা গৈছে। 

CLICK ►টিভিত নহয়, বাস্তৱত এইবাৰ কইনা হ’ব ভাৰতী

এনে পৰিপ্ৰেক্ষিতত যদিহে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় তেন্তে ইয়াৰ পূৰ্ণ সুযোগ চৰকাৰ প্ৰশাসনে গ্ৰহণ কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। সমান্তৰালভাৱে ওপৰমহলাৰ গোপন নিৰ্দেশ মানি চলি আৰক্ষী-প্ৰশাসনেও কৃষক মুক্তিৰ প্ৰতিবাদকাৰীসকলক হিংসাত্মক হ’বলৈ যে বাৰম্বাৰ প্ৰৰোচিত কৰিব সেয়াও স্পষ্ট। তালৈ চাই এই যুঁজখনত সংগঠনটোৰ শীৰ্ষ নেতৃত্ব প্ৰতিটো খোজতে সাৱধান নহ’লে যিকোনো মুহূৰ্ততে ফান্দত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও সকীয়াই দিছে সূত্ৰটোৱে।