ডিজিটেল ডেস্কঃ মনোজ মুকুন্দ নাৰাভানে, সেনাপ্ৰধান, ভাৰত। বীৰ শিৱাজীৰ মাতৃভূমি মহাৰাষ্ট্ৰৰ সন্তান তেওঁ ৷ মাথোঁ ১৬বছৰ বয়সতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান (National Defence Academy)ত ভৰ্তি হোৱা নাৰাভানে আজি ভাৰতীয় সেনাৰ মুৰব্বী৷ তেওঁ নেতৃত্ব প্ৰদান কৰিছে দেশৰ ১৩লক্ষ সৈন্যবাহিনীক৷ তেওঁ হৈছে দেশৰ ২৮সংখ্যক সেনাপ্ৰধান৷

অনেক উগ্ৰবাদবিৰোধী অভিযানৰ অভিজ্ঞতাৰে পুষ্ট জেনেৰেল নাৰাভানে বন্ধু-বান্ধৱ আৰু চিনা-পৰিচিতজনৰ ওচৰত মাটিৰ মানুহৰূপে পৰিচিত৷ নতুন আৰু পুৰণি সকলো বন্ধুৱেই নাৰাভানে অতি বিনয়ী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মৰমিয়াল ব্যক্তিৰূপে আখ্যা দিয়ে৷ ২০২২ত ৬২বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰিব৷

অধ্যৱসায় আৰু ঐকান্তিক প্ৰচেষ্টাৰ বলত  সফলতাৰ উচ্চ শিখৰত আৰোহন কৰা জেনেৰেল নাৰাভানেৰ জন্ম হয় ১৯৬০ত পুনেত৷ তেওঁৰ পিতৃ বায়ুসেনাৰ বিষয়া আৰু মাতৃ ’আকাশবাণী’ৰ ঘোষিকা আছিল৷ সৰুৰে পৰা মেধাবী নাৰাভানেৰ এজন বন্ধু হ’ল লেখক তথা প্ৰখ্যাত ইতিহাসবিদ ৰাজা ভাছিন৷

যোৱা ডিচেম্বৰত ভাৰতীয় সেনাৰ মুৰব্বীৰূপে নাৰাভানেই পদোন্নতি লাভ কৰাত ভাছিনে উৎফুল্লিতভাৱে মন্তব্য কৰে যে নাৰাভানে প্ৰকৃতাৰ্থতে এজন বিনয়ী ব্যক্তি৷ আনহাতে, নতুন পদোন্নতি লাভ কৰাৰ পাছত অনুভৱ ব্যক্ত কৰি নাৰাভানেই কয়, “এয়া বৃত্তিৰ এটা অংশ৷"

নাৰাভানেৰ পত্নীৰ নাম বীণা নাৰাভানে আৰু তেওঁলোকৰ আছে দুটি কন্যা সন্তান। চীনৰ সামৰিক কুচকাৱাজ সন্দৰ্ভত আটাইতকৈ বেছি জ্ঞান থকা সেনা বিষয়া হিচাপে পৰিচিত ব্যক্তিজনেই হৈছে নাৰাভানে। জম্মু-কাশ্মীৰৰ লগতে উত্তৰ-পূৱতো সুদীৰ্ঘ সময় কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট তেওঁ।