কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা কাৰাগাৰত কয়দীক প্ৰহাৰ কৰা, কয়দীৰ দৰ্শনাৰ্থীৰ পৰা কাৰাগাৰৰ কৰ্মচাৰীয়ে টকা দাবী কৰা অাদি অভিযোগত কালি জিলাখনৰ স্বয়ং মুখ্য ন্যায়িক দণ্ডাধীশ চমুকৈ চিজেএমে সদৰ থানাত অনিয়মৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাৰ এদিন পিছতেই অাজি কোককৰাঝাৰ জিলা কাৰাগাৰত এজন কয়দীৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই  ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ 

প্ৰাপ্ত বাতৰি মতে চিৰাং জিলাৰ ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত বুৰিঝাৰ গাওঁৰ বাসিন্দা ৰাজেশ চুপপ্ৰামাৰী(২৫)য়ে যোৱা ২০১৬ চনৰ ৩০ জুলাইত ডকাইতি গোচৰত অভিযুক্ত হৈ কোকৰাঝাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল৷

অইন দিনৰ দৰে কয়দীটোৱে যোৱা নিশাও ভাত পানী খাই শোৱাপাটীলৈ গৈছিল যদিও অাজি পুৱা কয়দীৰ হিচাপৰ সময়ত ৰাজেশ চুপপ্ৰামাৰী নামৰ কয়দীগৰাকী অনুপস্থিত থাকে ৷ পিছত কয়দীটোক জে'লৰ কৰ্মচাৰীয়ে মাতিবলৈ যোৱাত কয়দীগৰাকী অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে আৰু হুৱাদুৱা লাগে।

কাৰাগাৰ কৰ্তৃপক্ষই লগে লগে কয়দীটোক কোকৰাঝাৰ আৰ.এন.বি.চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ 

উল্লেখ্য যে সম্পূৰ্ণ সুস্থ অৱস্থাত থকা কয়দীটোৰ কেনেকৈ কাৰাগাৰৰ ভিতৰতে মৃত্যু ঘটিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। জিলা মুখ্য ন্যায়িক দণ্ডাধীশে কাৰাগাৰৰ অনিয়মৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাৰ এদিন পিছতে কয়দীৰ মৃত্যু হোৱা ঘটনাই বাস্তৱিকতে যে কাৰাগাৰত সঁচাকৈয়ে অনিয়ম-অনীতি চলি অাছে সেয়াই প্ৰমাণ কৰিছে।