কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডকে ধৰি অান কেবাটাও দাবীৰ সমৰ্থনত অান্দোলন অব্যাহত ৰখা এবছু , এন ডি এফ বি(প্ৰগতিশীল) অাৰু পিজেএচিবিএমৰ সৈতে প্ৰতিশ্ৰুতি অনুসৰি বিহুৰ পূৰ্বে চৰকাৰে ৰাজনৈতিক অালোচনা অাৰম্ভ নকৰাত অাজি উল্লেখিত সংগঠন তিনিটাই যৌথভাৱে ৰাজ্যৰ ১৫ স্থানত মুণ্ডনেৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালন কৰে।

ৰাজ্যৰ ১৪ টা স্থানৰ সমান্তৰালভাৱে কোকৰাঝাৰ সদৰ চহৰতো অনুষ্ঠিত হোৱা প্ৰতাৰণা দিৱসত অংশ লৈ এবছুৰ সভাপতি প্ৰমোদ বড়ো অাৰু এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেন বড়োই চৰকাৰৰ বঞ্চনা, অৱহেলাক তীব্ৰ ভাষাৰে কৰ্কথনা কৰি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বাবেই অাজি ৰাজ্যজুৰি মুণ্ডনেৰে প্ৰতাৰণা দিৱস পালন কৰাৰ কথা সদৰি কৰিছে।

পৃথক বড়োলেণ্ড অতি শীঘ্ৰে গঠন কৰা , প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বড়োসকলৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰা অাৰু ডিমাহাছাও অাৰু কাৰ্বিঅাংলঙত বসৱাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদাৰ দাবীত যৌথ অান্দোলন অব্যাহত ৰখা উল্লেখিত সংগঠন তিনিটাই অাজি চৰকাৰৰ বিৰুদ্ধে পালন কৰা প্ৰতাৰণা দিৱসৰ সময়ছোৱাতে নিজ দাবীৰ সমৰ্থনত এলানি অান্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।

সেইমতে অহা ২৫ এপ্ৰিলত প্ৰস্তাৱিত বড়োলেণ্ড এলেকাত ৰাতিপুৱা ৫ বজাৰ বিয়লি ৫ বজালৈ ২৪ ঘণ্টীয়া বন্ধ অাৰু ২০ মেৰ পৰা ১৬৮ ঘণ্টীয়া অৰ্থাৎ এসপ্তাহজুৰি ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ যৌথ অাহ্বান জনাইছে এবছু , এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমে ।

উল্লেখ্য যে অাজি কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটত অনুষ্ঠিত হোৱা প্ৰতাৰণা দিৱসত কেবাশতাধিক পিকেটিংকাৰীয়ে অংশগ্ৰহণ কৰি হাতে হাতে বেনাৰ ফেষ্টুন লৈ  নিজ দাবীৰ সমৰ্থনত মুণ্ডন কৰাৰ উপৰিও শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।