কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা, বগৰীগুৰী গাঁওৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰীক এক লম্পট চৰিত্ৰৰ শিক্ষকে বলাৎকাৰৰ কৰা অভিযোগক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ধৰ্ষিতা কিশোৰী গৰাকীৰ পিতৃয়ে ফকিৰাগ্ৰাম  থানাত পাষণ্ড শিক্ষক গৰাকীৰ বিৰুদ্ধে ঘটনাসন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাত ৰজু হোৱা এজাহাৰ অনুসৰি চিথিলাৰ বগৰীগুৰী গাওঁ নিবাসী তথা মিলনবাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা মাগুৰমাৰী কেন্দ্ৰৰ চিআৰচিচি গাজি ৰহমান পৰামানিকে একে গাওঁৰে  নাবালিকা কিশোৰী এগৰাকীক বহুদিন ধৰি টিউচন পঢ়ুৱাই আহিছিল ৷ টিউচন চলাকালিন অৱস্থাত ছাত্ৰীগৰাকীক শিক্ষক গাজি ৰহমান পাৰমানিকে মাজে মাজে সুযোগ বুজি অশ্লীল ইংগিত দি আহিছিল ৷

শিক্ষক গৰাকীৰ এনে অশ্লীল ইংগিতক হতভম্ব হৈ ছাত্ৰী গৰাকীয়ে ঘটনাটো পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীৰ টিউচন বন্ধ কৰি দিয়ে ৷ এই ঘটনাত ক্ষুব্ধ হৈ  শিক্ষক গৰাকীয়ে মাজে মাজে ছাত্ৰী গৰাকীক লগ ধৰিবলৈ চেষ্টা কৰি আহিছিল যদিও বিফল হয়৷ ইপিনে যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা ভাতপানী খাই ছাত্ৰী গৰাকীয়ে সৰুপানী চুবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত পূৰ্বৰে পৰা খাপ পিটি থকা পাষণ্ড শিক্ষক গৰাকীয়ে ছাত্ৰী গৰাকীৰ মূখত সোপা মাৰি ঘৰৰ নিকটতে থকা শ্মশানলৈ নিয়ে আৰু অসৎ কাৰ্য চৰিতাৰ্থ কৰে বুলি এজাহাৰত উল্লেখ কৰিছে ৷

আনহাতে বাহিৰলৈ ওলাই যোৱা ছাত্ৰীগৰাকীয়ে বহু দেৰিলৈ উভতি নহাত তাইৰ বাইদেউৱে ঘৰৰ বাহিৰত বিচাৰখোচাৰ আৰম্ভ কৰে আৰু ভনীয়েকক বিচাৰি নাপাই আতংকিত হৈ পৰে ৷ তাৰপিছত ছাত্ৰীগৰাকীৰ ককায়েকে শ্মশানৰ পৰা ধৰ্ষিতা ছাত্ৰীগৰাকীক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰাত পাষণ্ড শিক্ষক গৰাকীৰ কু -কৰ্মৰ কথা ফাদিল হয় ৷

ফকিৰাগ্ৰাম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ (নং ১৫/১৭)ৰজু কৰি নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ মেডিকেল টেষ্টৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰীগৰাকীৰ ভাষ্যও লিপিৱদ্ধ কৰিছে। সম্প্ৰতি পলাতক অৱস্থাত থকা শিক্ষক তথা চিআৰচিচি গাজি ৰহমান পাৰমানিকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ইপিনে অভিযুক্ত শিক্ষক গাজি ৰহমানৰ পত্নীয়ে ধৰ্ষণকাণ্ডক একে আষাৰে নাকচ কৰি উক্ত ঘটনাৰ অাৰঁত ব্যক্তিগত শত্ৰুতা লুকাই আছে বুলি মন্তব্য কৰিছে ।