কোকৰাঝাৰঃ সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কোকৰাঝাৰ জিলা সমিতিয়ে  ব্যৱসায়ী ৰঞ্জিত দত্তক অপহৰণৰ প্ৰতিবাদত আৰু জিলা প্ৰশাসনে অপহৃতক উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা হেমাহিৰ অভিযোগ তুলি আজি ৰাতিপুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া কোকৰাঝাৰ জিলা বন্ধৰ সময়ছোৱাত জিলাখনৰ কেতবোৰ অঞ্চলত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ।

২৬ ফেব্ৰুৱাৰীত বিটিএডি এলেকাত চকা বন্ধ আৰু অৰ্থনৈতিক অৱৰোধৰ আহ্বান সদৌ বিটিচি বেঙ্গলী ক্ষেত্ৰীয় কমিটিৰ। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ ক্ষতিসাধন, আহত অগ্নিনিৰ্বাপক কৰ্মী।

আজি পুৱা ৯:০০ মান বজাত অপহৃত ৰঞ্জিত দত্তৰ বাসভৱনৰ নিকটত অৰ্থাৎ ভৱানীপুৰৰ এনআৰএল তেল ডিপোৰ কাষতে স্থানীয় ৰাইজে টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ উপৰিও এখন অটোৰ ক্ষতিসাধন কৰে । পৰিস্থিতি উত্তপ্ত হৈ পৰাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষুব্ধ ৰাইজে অগ্নিনিৰ্বাপক গাড়ীৰ ওপৰতো শিলগুটিৰে আক্ৰমণ সংঘটিত কৰে । উক্ত আক্ৰমণত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী মৃগেন ৰায় অাহত হোৱাৰ লগতে অগ্নিনিৰ্বাপক গাড়ীখনৰো  বিস্তৰ ক্ষতিসাধন হয় ।

এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে গৃহৰক্ষী বাহিনীৰ জোৱানে এগৰাকী স্থানীয় বাসিন্দাক কটু ব্যৱহাৰ কৰাত পৰিস্থিতি দুগুণে উত্তেজনাপূৰ্ণ হৈ পৰে ।পিকেটিংকাৰীসকলে প্ৰায় তিনিঘণ্টা ধৰি ৰাজপথত টায়াৰ জ্বলাাই পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ পিছত উক্ত স্থানত জিলা অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ পিকেটিংকাৰীসকলৰ লগত আলোচনা কৰি অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰায় । উল্লেখ্য যে সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ দ্বাৰা আজি অাহ্বায়িত ১২ ঘণ্টীয়া কোকৰাঝাৰ জিলা বন্ধৰ প্ৰভাৱ জিলাখনত প্ৰায় সৰ্বাত্মক আছিল ।

ইপিনে ছাত্ৰ সংগঠনটোৰ জিলা সাধাৰণ সম্পাদক বিজু সৰকাৰে অপহৃত ৰঞ্জিত দত্তক সুকলমে উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসনক পুণৰাই ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে । অাগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অপহৃতক প্ৰশাসনে উদ্ধাৰ কৰিব নোৱাৰিলে সংগঠনটোৱে ধৰ্ণা-অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিজু সৰকাৰে সদৰি কৰিছে ।

অানহাতে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক  বিবৃতিত  সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ ক্ষেত্ৰীয় কমিটিৰ সভাপতি গোপাল চন্দ্ৰ ঘোষে অপহৰণকাণ্ডক গৰিহণা দি অপহৰণৰ প্ৰতিবাদত তথা অপহৃতৰ মুক্তিৰ দাবীত অহা ২৬ ফেব্ৰুৱাৰীৰ দিনাখন বিটিএডি এলেকাত ৰাতিপুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ ১২ ঘণ্টীয়া চকাবন্ধ আৰু অৰ্থনৈতিক অৱৰোধৰ অাহ্বান জনাইছে । প্ৰয়োজনসাপেক্ষে পৰৰ্বতী পৰ্যায়ত বিটিএডি এলেকাত ১০০ ঘণ্টীয়া অৰ্থনৈতিকঅৱৰোধ কাৰ্যসূচীও গ্ৰহণ কৰা হব বুলি ভাবুকি প্ৰদান কৰিছে গোপাল চন্দ্ৰ ঘোষে ।

উল্লেখ্য যে যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা কদমতলাত থকা বৈদ্যুতিক সা-সামগ্ৰীৰ দোকান সামৰি  নিশা ৮-২৫ মান বজাত ৰঞ্জিত দত্তই স্কুটিৰে ঘৰলৈ গৈ থাকোতেই অপহৃত হয় । নিজ দোকানৰ পৰা স্বগৃহলৈ মাথো পাঁচ মিনিটৰ ৰাস্তাতে দুৰ্ষ্কৃতিকাৰীয়ে তেওঁৰ পিছ লয় আৰু ঠিক ঘৰৰ সন্মুখতে নিশা ৮:৩০মান বজাত দুখন পালচাৰ মটৰচাইকেলত অহা চাৰিজন অস্ত্ৰধাৰী দুৰ্ষ্কৃতিকাৰীয়ে ৰঞ্জিত দত্তক অাগচি ধৰি অস্ত্ৰৰ ভাবুকিৰে নিজৰ জিন্মাত লৈ মটৰচাইকেলত উঠাই লৈ  কাৰিগাঁওৰ দিশে তীব্ৰবেগেৰে উধাও হয় ।

যুৱ ব্যৱসায়ী ৰঞ্জিত দত্তক কোনে কি কাৰণত অপহৰণ কৰিলে সেয়া অদ্যপি স্পষ্ট হোৱা নাই আৰু অপহৃত হোৱাৰ তিনিদিন পিছতো অপহৰণকাৰীয়ে মুক্তিপণ দাবী নকৰাত গোটেই ঘটনাটোৱে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।

কোকৰাঝাৰ আৰক্ষীয়ে ৰঞ্জিত দত্তক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্ঠা অব্যাহত ৰাখিছে আৰু কালি ভাৰত -ভূটান সীমান্তবৰ্তী লাওপানী এলেকাত অভিযান চলাই অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা তিৰপাল , বেগ , কম্বল , জোতা আদিকে ধৰি কিছু সামগ্ৰী জব্দ কৰিছে যদিও অপহৰণকাৰী আৰু অপহৃতৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উক্ত ঘটনাৰ আঁৰত কোনো অপৰাধীগোটহে জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰি অতি শীঘ্ৰে অপহৃত আৰু অপহৰণকাৰীৰ সন্ধান পোৱা যাব বুলি আশা প্ৰকাশ কৰিছে ।