newsnextone.com | তামুলপুৰঃ বৈধ নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে বিটিএডিৰ বাক্সা জিলাত বঙালী ভাষী পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যজুৰি ১৪৪ ধাৰা জাৰি কৰি থোৱাৰ সময়তে এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা কেইবা শতাধিক লোকে মমতা বেনাৰ্জী জিন্দাবাদ আৰু অমতি শ্বাহ মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউলীত এনআৰচিৰ পৰা বাদ পৰা হিন্দু বঙালী লোকে ৰাজপথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

এনআৰচিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা কাউলীৰ লোকসকলে ১৯৭১ চনৰ আগৰে নথি জমা দিয়া বুলি দাবী কৰে। কাউলীৰ স্থানীয় লোকসকলে এনআৰচিত নাম  নোহোৱাৰ প্ৰতিবাদত কাউলীৰ ৰাজপথ অবৱৰোধ কৰে। অমিতশ্বাহ মুৰ্দাবাদ, মমতা বেনাৰ্জী জিন্দাবাদ ধ্বনিৰে কাউলীৰ ৰাজপথ উত্তাল কৰি তোলে। 

১৯৭১ চনৰ আগৰ এই অঞ্চলৰ অধিকাংশ মানুহকে এনআৰচিত অন্তৰ্ভুক্ত নকৰাৰ লগতে ১৯৭১ চনৰ বহু আগৰে পৰা বসবাস কৰি থকাৰ পিছতো এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাটো অতি দুখ জনক বুলি মন্তব্য প্ৰকাশ কৰে। কাউলী  অঞ্চলৰ ৰাইজে ১৯৭১ চনৰ আগৰ তেওঁলোকৰ উপযুক্ত প্ৰমাণ আছে বুলি দাবী কৰে। তথাপিও তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত হৈ পৰে। বিজেপিৰ সভাপতি অমিত শ্বাহক তীব্ৰ ভাষাৰে সমালোচনা কৰি  প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হিন্দু বঙালীক হাৰাশাস্তি নচলিব, অমিত শ্বাহ হুছীয়াৰ, অমিত শ্বাহ মুৰ্দাবাদ, বি জে পি গ' বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

আমি ইয়াতে মৰিম, আমি ইয়াতে যুঁজি মৰিম। আমাক শিয়াল কুকুৰতকৈ নিম্ন চকুৰে চাইছে। আমি অমিত শ্বাহক গৰিহণা দিছোঁ। ধিক্কাৰ দিছোঁ। অমিত শ্বাহে ৰাজ্যসভাত কলে অসমত ৪০ লাখ অবৈধ বাংলাদেশী আছে। প্ৰকৃত নাগিৰকক লিগেচী দাতা থকাৰ পিছতো এনআৰচিৰ পৰা বাদ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে।