newsnextone.com |  ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গহ জিলা ডিব্ৰুগড়ত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ‘সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ মেগামিশ্যন ছ’চাইটি আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত ডিব্ৰুগড়ৰ চাউলখোৱা খেলপথাৰত অনুষ্ঠিত কৃষক সমাৰোহত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধিনত ৰাজ সাহয্যৰ টেক্টৰ বিতৰণ কৰে। 

অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰদান কৰি সমাজত কৃষকৰ মৰ্যদা বৃদ্ধিৰ বাবে প্ৰতিজন কৃষকক অৰ্থনৈতিকভাৱে সৱল কৰাতো অতিকৈ জৰুৰী বুলি কয়। সেয়েহে কঠোৰ পৰিশ্ৰম আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰি কৃষকসকলে নিজ উৎপাদন আৰু উপাৰ্জন দুগুণ, তিনিগুণলৈ বৃদ্ধি কৰাৰ সময় বৰ্তমান আহি পৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। 

ৰাজ্য চৰকাৰে সেয়েহে ৰাজ্যখনৰ দৰিদ্ৰ কৃষকসকলক আৰ্থিক ভাৱে সৱলীকৰণ তথা অসমক দেশৰ ভিতৰতে কৃষিখণ্ডত আগবঢ়াই নিয়াৰ লক্ষৰে ‘মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’খন গ্ৰহণ কৰিছে বুলি কয়।

কৃষক সন্মিলনৰ সভাত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়, টিংখাং, চাবুৱা, মৰাণ, দুলীয়াজান, নাহৰকটীয়া, তিনিচুকীয়াৰ বিধায়কসকলৰ লগতে অসম হাইড্ৰ কাৰ্বন এনাজী কোম্পানীৰ অধ্যক্ষ পোণাকণ বৰুৱাই উপস্থিত থাকে। অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৫০টা কৃষকগোটলৈ ট্ৰেক্টৰ, ছয়জন কৃষকক ট্ৰাই-চাইকেল বিতৰণ কৰাৰ লগতে ৭ জন কৃষকক সম্বৰ্ধনা যাতে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পৰ্যায়ত ডিব্ৰুগড় জিলাৰ ৪৬৪ খন গাঁৱত ট্ৰেক্টৰ বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।