গৌৰীসাগৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন সমূহ সক্ৰিয় হৈ পৰিছে৷ ৰাইজৰ মাজত সোমোৱাৰ লগতে সংগঠনক শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনত যাতে ভাল ফলাফল দেখুৱাব পাৰে তাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলৰ ভাতৃ সংগঠন সমূহে৷ 

‘‘দেশৰ সীমাত দেশৰ জোৱান, দেশৰ মাটিত দেশৰ কৃষাণ’’ শীৰ্ষক শ্ল’গানেৰে বিজেপিৰ ভাতৃ সংগঠন কৃষাণ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় বুধবাৰে৷ শিৱসাগৰ জিলাৰ কেপি চাৰিআলিৰ ঋতুৰাজ ভৱনত অনুষ্ঠিত কৃষাণ মৰ্চাৰ জিলা কৃষাণ মৰ্চাৰ সংযোজক সকলৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়৷ বন্তি প্রজ্বলনেৰে শিৱসাগৰ জিলা কৃষাণ মৰ্চাৰ সভাপতি বকুল দে’ই সভাৰ শুভাৰম্ভ কৰে৷

বকুল দে’ৰ সভাপতিত্বত অনুষ্ঠিত সভাত চৰকাৰে কৃষকসকলৰ উন্নয়ণৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায়৷ ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ভৱেন্দ্র নাথ মোহনে কৃষাণ মৰ্চাৰ বিষয়-ববীয়াসকলক সততাৰে কাম কৰি শিৱসাগৰক দেশৰ ভিতৰতে খন আদৰ্শ জিলা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷

বিশেষকৈ চৰকাৰে কৃষি বিপ্লৱেৰে পৰিৱৰ্তন অনাৰ প্ৰয়াসক সফল কৰিবলৈ নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই কিষণ মৰ্চাৰ নেতা-কৰ্মীক৷ শিৱসাগৰ জিলা কৃষাণ মৰ্চাৰ সভাপতি বকুল দে’য়ে শিৱসাগৰ জিলাৰ কৃষকসকলৰ সৰ্বাংগীন উন্নয়ণৰ ক্ষেত্রত সংযোজকসকলে দায়িত্বসমূহ সততাৰে পালন কৰিব লাগিব বুলি কয়৷