ডিব্ৰুগড়ঃ ৰাজ্যৰ জাতীয় সমস্যা সমূহক লৈ সততে সক্ৰিয় ভূমিকা পালন কৰি অহা বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ এখন বিশেষ সভা বুধবাৰে অনুষ্ঠিত হৈ যায়৷ ৰাজ্যৰ জাতীয় সমস্যা সমূহ আলোচনাৰ কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ গৰাখহনীয়াকৈ ধৰি বিভিন্ন সমস্যাক লৈ আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত কেইবাগৰাকী জ্যেষ্ঠ লোক উপস্থিত থাকে৷

আনহাতে সভাত ডিকম অাঞ্চলিক সমিতি গঠন কৰা হয়৷ হাতীগাধৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশিষ্ট সমাজ সেৱক প্ৰণৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাস্কৰ শইকীয়াক সভাপতি, কৈলাশ চেতিয়াক সাধাৰণ সম্পাদক, ইন্দ্ৰজিৎ গগৈক উপ-সভাপতি, মন্টু গগৈক সহকাৰী সাধাৰণ সম্পাদক, মানৱ জ্যোতি গগৈক বিও সম্পাদক, শুভজ্যোতি গগৈক প্ৰচাৰ সম্পাদক হিচাপে লৈ ৩১ জনীয়া ডিকম অাঞ্চলিক সমিতিখন গঠন কৰে৷

সভাত কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানী ফুকন, যোৰহাট জিলাৰ উপ-সভাপতি মৃনাল নেওঁগ, ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক পূৰণ গগৈ, চাবুৱা অাঞ্চলিকৰ সাধাৰণ সম্পাদক পংকজ গগৈ উপস্থিত থাকে৷ সভাত কেন্দ্ৰীয় সচিব ৰন্টু পানীফুকনে জাতি ৰক্ষা হকে, অস্তিত ৰক্ষাৰ হকে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য অাগবঢ়ায়৷ জাতি ৰক্ষাৰ কাৰণে সকলো সময়তে সস্তম হৈ অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ অাহুতি দিবলৈ কুন্ঠাবোধ নকৰো বুলি কয় সচিবগৰাকীয়ে৷

বীৰ লাচিত সেনা, অসমৰ স্পষ্ট কথা কোনো সময়তে বাংলাদেশী, অনা-অসমীয়া দপদপনি নচলিব৷ বীৰ লাচিত সেনাই অসমত কোনো বাংলাদেশীৰ অত্যাচাৰ সহ্য নকৰে বুলি কয় নেতাজনে৷ অানহাতে বীৰ লাচিত সেনাৰ উৎপওি ইতিহাস সম্পৰ্কে গুৰুত্ব পূৰ্ণ মন্তব্য অাগবঢ়ায় চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষা কৰিব নোৱাৰে বুলি কৈ বীৰ লাচিত বৰফুকনৰ নীতি অাদৰ্শৰে অাপোচবিহীন ভাৱে জাতি-মাটি-ভেটি সাংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অসমৰ সকলো যুৱককে সষ্টম হৈ থাকিবলৈ অাহ্বান জনাই নেতাগৰাকীয়ে৷