নগাঁও/অভয়াপুৰী/গৌৰীসাগৰ/ছিপাঝাৰঃ বুধবাৰে ৰাজ্যজুৰি বীৰ চিলাৰায়ক স্মৰণ কৰে৷ কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহ আৰু পদ্মাৱতী দেৱীৰ পুত্ৰ বীৰ চিলাৰায়ৰ ১৫১০ জন্ম আৰু ১৫৭১ মৃত্যুবৰণ কৰে৷ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।

ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহৰ পুত্ৰ চিলাৰায়ে বীৰত্বৰে কোঁচ সৈন্যৰ লগলাগি ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। চিলাৰায় তথা শুক্লধ্বজ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে এগৰাকী সুদক্ষ সেনাপতি বুলি জনা যায়।

কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহৰ পুত্ৰ আছিল চিলাৰায়। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল যাৰ বাবে চিলাৰায় বুলি খ্যাতি লাভ কৰে৷ তেও কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰো সাধন কৰিছিল৷ চিলাৰায়ে দেৱান-মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।

বীৰ চিলাৰায়ৰ পাৰদৰ্শিতাৰ ফলত কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰি নিজৰ শক্তিৰ পৰিচয় দি আহিছিল। ১৫৭১ খৃষ্টাব্দত বাৰ চিলাৰায়ৰ মৃত্যু হয়৷ 

NNO নগাঁওঃ অসমৰ একক সৰ্ববৃহৎ জনগোষ্ঠী কোঁচ ৰাজবংশীসকলৰ আদৰ্শ পুৰুষ মহাবীৰ চিলাৰায়ৰ ৫০৮ তম দিৱস নগাঁও জিলা কোঁচ ৰাজবংশী, নগাঁও জিলা কোঁচ ৰাজবংশী মহিলা সন্মিলনী আৰু নগাঁও জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্মিলনীৰ যৌথ উদ্যোগত তথা পশ্চিম পাখিমৰীয়া আঞ্চলিক আৰু কৃষ্ণাইখাট শাখাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কৃষ্ণাইখাট প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়৷

পুৱা ৯ বজাত পতাকা উত্তোলন কৰে নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি হলিৰাম চমুৱাই৷ ইয়াৰ পিছতে শ্বহীদৰ স্মৃতিত অক্ষয় বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা আনন্দ হাজৰিকাই৷ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই৷

দুপৰীয়া হলিৰাম চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথিৰূপে কবি সদানন্দ পায়েং উপস্থিত থাকি বীৰ চিলাৰায়ৰ জীৱনাদৰ্শৰ ওপৰত বক্তব্য আগবঢ়ায়৷ নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উদীয়মান লিখক কেশৱ চন্দ্ৰ বৰাৰ 'বীৰ চিলাৰায়' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা সু-বক্তা মোহিনী মোহন ডেকাই৷

NNO অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাৰায় ৫০৮সংখ্যক জয়ন্তী পালন কৰা হয়৷ বুধবাৰে পুৱা পতাকা উত্তোলন কৰে কোচ নেতা অতুল ৰায়ে। শ্বহীদ তৰ্পন কৰে কমল সৰকাৰে। বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে মহকুমাধিপতি মেঘ নিধি দাহালে। নাম প্ৰসংগ, সমবেত সংগীত, নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বীৰ গৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰে বিশ্ব মহাবীৰ চিলাৰায় ৫০৮সংখ্যক জয়ন্তীত।

NNO গৌৰীসাগৰঃ সমগ্র ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ তিনিআলিৰ মহাবীৰ চিলাৰায় উদ্যানত বীৰগৰাকীক সোঁৱৰণ কৰে ৰাইজে৷ কেইবাশতাধিক লোক সমবেত হৈ বীৰ চিলাৰায় দিৱস অতি উলাহ মালহেৰে ৰাইজে বিশ্ব মহাবীৰ চিলাৰায়ক স্মৰণ কৰে৷ 

NNO ছিপাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈত পালন কৰা হয় বিশ্ব বীৰ চিলাৰায়ৰ ৫০৮ তম জন্ম জয়ন্তী৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত দৰং জিলা প্ৰশাসনৰ সহযোগত বিশ্ব বীৰ চিলাৰায়ৰ ৫০৮ তম জন্ম জয়ন্তীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংস্কৃতিক মন্ত্ৰী নৱ দলে, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া উপস্থিত থাকে৷