শিৱসাগৰ/দিচাংমুখঃ লাচিত বৰফুকনে মোগলৰ আক্ৰমণৰ পৰা অসম ৰক্ষা কৰি গৈছিল৷ লাচিত বৰফুকনক অসমৰ ইতিহাসে সদায় এগৰাকী বীৰ ৰূপে শ্ৰদ্ধা যাচি যাব৷ সেই কথাত কাৰো দ্বিমত নাই৷ বৰ অসমৰ কথা কলেই আহোম-মোগলৰ যুদ্ধ তথা শৰাইঘাটৰ ৰণৰ কথাই আগস্থান লাভ কৰে৷ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে প্ৰথমে লাচিত বৰফুকন, বাঘ হাজৰিকা আৰু আহোম-মোগলৰ যুদ্ধৰ কথাই ওলাই পৰিব৷ মোগলক ধৰাশয়ী কৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিছিল এই যুদ্ধত৷

এই যুদ্ধ আছিল অসমীয়া জাতিৰ বাবে অগ্নিপৰীক্ষা৷ লাচিতৰ নেতৃত্বত এই যুদ্ধ জয়ী হৈছিল তাহানিৰ অসমীয়াই৷ ১৬৭১ চনৰ এই যুদ্ধত মোগল সাম্ৰাজ্য আৰু আহোমৰ মাজত হৈছিল৷ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও লাচিতৰ বুদ্ধিৰ সন্মুখত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। মোগলৰ নৌ বাহিনীক ধৰাশয়ী কৰি আহোম সৈন্যই মোগলক পৰাস্থ কৰে। মোগলে অন্তিমবাৰৰ বাবে অসমলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰি লাচিতৰ বাবে বিফল হয়৷

কিন্তু এইগৰাকী বীৰক আমাৰ শাসক, আমোলা বিষয়াই কিমান শ্ৰদ্ধা কৰে তেওৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ কিমান যত্ন কৰে সেয়া বিচাৰ কৰি চোৱাৰ প্ৰয়োজন হৈ পৰিছে৷ ১৬৮২ চনত মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও আহোমে গুৱাহাটীক নিজৰ অধীনলৈ আনে কেৱল লাচিতৰ বীৰত্বৰ বাবে। শিৱসাগৰ জিলাৰ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ লাচিত বৰফুকনৰ স্মৃতিত স্থাপন কৰা লাচিত উদ্যানৰ পৰিৱেশ কিছুদিন আগলৈ কদৰ্য হৈ আছিল৷

উদ্যান খনৰ চৌদিশে কাগজৰ টুকুৰা, চিপছৰ পেকেট, চিগাৰেটৰ পেকেট পৰি থকাৰ লগতে বহিবলৈ থকা ঠাই সমূহো লেতেৰা হৈ থকাত বীৰ গৰাকীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে৷ শিৱসাগৰ জিলা প্ৰশাসন আৰু দল-সংগঠন গভীৰ নিদ্ৰাত থকা বুলি অভিযোগ উত্থাপন হৈছিল৷ উদ্যানৰ কদৰ্য ৰূপে পূৰ্ব পুৰুষৰ স্মৃতিক অসন্মান কৰাত সচেতন নাগৰিকে ক্ষোভ ব্যক্ত কৰে৷ পূৰ্বপুৰুষৰ স্মৃতি চকুৰ সন্মুখতে ধ্বংসৰ দিশে গতি কৰা কাৰ্যক ৬০০ বছৰীয়া আহোমৰ সোণালী ইতিহাসক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

অসমৰ ঐতিহাসিক চহৰ বুলি ক'লেই প্ৰথমতে সকলোৰে মনলৈ আহে শিৱসাগৰৰ নামটো৷ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাখনত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।

এই এতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ১৬৬৯ চনত তেও অসমীয়া সেনাক একত্ৰিত কৰি বাঘ হাজৰিকাৰ সহায়ত মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰপৰা খেদি পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ পৰিচয় দিয়া লাচিত বৰফুকনক আকৌ এবাৰ অপমান কৰাৰ অভিযোগ উত্থাপন হয়৷

ৰাজ্য চৰকাৰে ২০০৬-০৭ বৰ্ষত চৰকাৰে প্ৰদান কৰা ধনেৰে শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত ভটিয়াপাৰত বীৰ লাচিত, বাঘ হাজৰিকা সহ কেইবাগৰাকী যোদ্ধাৰ প্ৰতিমূৰ্তি স্থাপন কৰে৷ তদানীন্তন কংগ্ৰেছ চৰকাৰে চমক সৃষ্টি কৰি শৰাইঘাটৰ ৰণৰ প্ৰতীক তথা এটি প্ৰকাণ্ড শিল নিৰ্মাণ কৰি স্থাপন কৰিছিল লাচিত সহ সহযোগী কেইজনৰ প্ৰৰ্তিমূৰ্তি। নিৰ্মাণ কৰিলে ঠিকেই কিন্তু মুকলি কৰাৰ পিছৰে পৰা মেৰামতি তথা চোৱাচিতা কৰাৰ অভাৱত জহি-খহি যাবলৈ আৰম্ভ কৰে শিলটো আৰু প্ৰতিমূৰ্তি কেইটা৷

বিকেন্দ্ৰীকৃত পুঁজিৰে নিৰ্মাণ কৰা নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ লগতে জিলা প্ৰশাসনে চোৱাচিতা কৰাৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ২০০৮ বৰ্ষত প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ উপস্থিতিত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ লাচিত উদ্যানখনত প্ৰতিমূৰ্তি ৰাইজৰ বাবে মুকলি কৰে৷

ক্ষুদ্র চাহ খেতিয়কে প্ৰদান কৰা ধনেৰে উদ্যান খন চোৱাচিতা কৰাৰ ঘোষণা কৰা হৈছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ জানিব পৰা মতে, উদ্যানখনত বিদ্যুৎ ব্যৱহাৰ কৰাৰ ফলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক বহু টকা পৰিশোধ কৰিবলৈ আছে৷ যাৰ বাবে বিদ্যুত যোগান ব্যাহত হৈ পৰাৰ লগতে স্থানীয় ৰাইজে উদ্যানখনৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনীয়৷ উদ্যানখন মেৰামতিৰ কৰাৰ লগতে শৰাইঘাট যুদ্ধৰ প্ৰতীক পট মেৰামতি কৰিবলৈ দাবী জনায়৷