প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ অপহৰণকাৰীৰ বেয়া দিন। যিজনক অপহৰণ কৰিবলৈ ওলাইছিল, তেঁওৰে ভগ্নী ওলালগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আয়েশা ফলকৰ ভাতৃ আছিফ দিল্লী বিশ্ববিদ্যালয়ত পঢ়ে।

এই আছিফকে অপহৰণ কৰি নিয়াৰ পিছতে মোকলাই দিয়াৰ বাবে ধন বিচাৰি আহোতে একপ্ৰকাৰে বাঘৰ নেজেৰে কাণ খজুওৱাৰ দৰে কাম কৰিলে অপহৰণকাৰীৰ এটা দলে।

কথমপিহে প্ৰাণ বাচিল দুই অপহৰণকাৰীৰ। ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে গধূলি আয়েশালৈ ফোন আহে যে ভাতৃক মোকলাই দিয়াৰ বাবে ধন নিৰ্দিষ্ট স্থানত দিব লাগে। কথা মতেই কাম।

ছুইফট ডিজায়াৰত অহা মহম্মদ ৰফি আৰু আকাশ নামৰ অপহৰণকাৰী দুজন উপস্থিত হয় শাস্ত্ৰী পাৰ্কত। কিন্তু তাতে ঘটিল অঘটন। কাৰৰ দৰ্জা খুলি আছিফক মুকলি কৰি দিয়াৰ সময়তে অতৰ্কিতে গুলীচালনাৰ শব্দত উধাতু খায় দুয়োজন। গুলী চলাইছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আৰু প্ৰশিক্ষক আয়েশাই।

০.৩২ ব’ৰ পিষ্টলৰ গুলীত এজন অপহৰণকাৰীৰ ভৰিত গুলী লাগে, আৰু আনজনৰ কঁকালত। লগে লগে ধৰাশায়ী হৈ পৰে দুয়োজন। এনেদৰেই আয়েশাৰ সাহসিকতাৰ বাবে অপহৰণকাৰীৰ কবলৰ পৰা মুক্তি লাভ কৰে আছিফে।