ডিজিটেল ডেস্কঃ বিয়া হোৱাৰ পিছত জাতি পৰিৱৰ্তন নহয়৷ জন্মৰ সময়তেই ঠিক হয় মানুহৰ জাতি৷ পৰবৰ্তী সময়ত জাতি ঠিক কৰা সম্ভৱ নহয়৷ বৃহস্পতিবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰিলে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে৷ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ চাকৰি সন্দৰ্ভত কৰা গোচৰ সন্দৰ্ভত শুনানী গ্ৰহণ কৰি দেশৰ শীৰ্ষ আদালতে এই ৰায় প্ৰদান কৰে৷

জানিব পৰা মতে, প্ৰায় ২১ বছৰ পূৰ্বে এগৰাকী যুৱতীয়ে অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ লৈ শিক্ষকৰ চাকৰি লাভ কৰিছিল৷ যুৱতীগৰাকী উচ্চ শ্ৰেণীৰ হলেওঁ বিয়াৰ পিছত পিছ পৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দি স্কুলৰ চাকৰী লাভ কৰে৷ ২০ বছৰ পিছত যুৱতীগৰাকীয়ে এতিয়া সেই স্কুলৰ উপাধ্যক্ষ৷ তাৰ পিছতে আৰম্ভ হয় বিবাদ৷ বিবাদ গৈ পাই আদালতলৈ৷

তাৰ পিছত আদালতত শুনানী আৰম্ভ হয়৷ ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু এম এম শান্তানাগৌদাৰ বেঞ্চে এই ৰায় প্ৰদান কৰে৷ ৰায় দানত আদালতে কয় ‘‘এই বিষয়ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাথাকে যে, জন্মৰ সময়ত মানুহৰ জাতি নিৰ্ধাৰণ হয়৷ অনুসূচীত জাতিৰ লোকৰ সৈতে কোনোৱে বিয়া হলে কোনো উচ্চ শ্ৰেণীৰ মহিলা অনুসূচীত জাতিৰ লোক হৈ নাযায়৷ তেও আগৰৱালা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল, তেওঁ সাধাৰণ শ্ৰেণীৰ লোকৰ শাৰীত পৰে৷

তেওৰ স্বামী অনুসূচীত জাতিৰ বুলি কৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ দিব নোৱাৰে কেতিয়াওঁ৷’’ ১৯৯১ চনত উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ জিলা প্ৰশাসনে দিছিল অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ৷ সেই খন প্ৰমাণ পত্ৰৰ ভিত্তিতে ১৯৯৩ চনত পঞ্জাৱৰ পাঠানকোটৰ কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকতাৰ চাকৰি লাভ কৰিছিল শিক্ষয়িত্ৰীগৰাকীয়ে৷ চাকৰি কৰি থকাৰ সময়তে তেওঁ এম ইড পৰীক্ষাতো উত্তীৰ্ণ হয়৷ কিন্তু চাকৰি কৰাৰ ২০ বছৰ পিছত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷

তদন্তৰ অন্তত শিক্ষয়িত্ৰীগৰাকীক অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ বাতিল কৰাৰ লগতে ২০১৫ চনত চাকৰীৰ পৰা বৰ্খাস্ত কৰা হয়৷ তাৰ পিছত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ওচৰ চাপে৷ উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাই উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল যদিওঁ ইয়াতো মুখ থেকেচা খায়৷ আদালতে মহিলাগৰাকীক বৰ্খাস্ত কৰাৰ পৰিবৰ্তে বাধ্যতামূলক অৱসৰ দিয়াৰ ৰায় দিয়ে৷