গুৱাহাটীঃ ডিমা হাচাওৰ মাইবংত সংঘটিত ঘটনাৰ বিৰুদ্ধে কেইবাটাও সংগঠনে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ডিমাচা ছাত্ৰ সন্থা, সদৌ অসম মদাহী জনজাতি সন্মিলন, অসম সংগ্ৰামী মঞ্চ, হাজং ছাত্ৰ সন্থা, দেউৰী  জাতীয় পৰিষদৰ যৌথ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাইবংৰ ঘটনাৰ বাবে দায়ী বুলি কৈ তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে৷ ৰাজ্যত মাইবং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

বিগত ২৫ জানুৱাৰীত মাইবঙত ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুজনকৈ ডিমাচা যুৱকৰ প্ৰাণ যোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিমাচাবাসীৰ ওচৰত ক্ষমা খোজাৰ লগতে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়৷ ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।