চাবুৱাঃ অসমৰ খেতি পথাৰ নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব'লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কিছুমান অপকৰ্মই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ ৷

চোৰাং ব্যৱসায়ীৰ লগতে ৰাজ্যৰ ওপৰৱালাৰ বহতীয়া হৈ থকা একাংশ লোকে বন ধ্বংস কৰি অহাৰ উপৰিও চলাই আহিছে বিভিন্ন ধৰণৰ অবৈধ কামকাজ ৷ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাত অবৈধভাৱে স্থাপন কৰি অহা ইটাভাতা সমূহে কৃষিভূমিসমূহলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ইটাভাতাসমূহে কৃষিভূমি ধ্বংস কৰি য'তে - ত'তে  অবৈধভাৱে মাটিকটাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যোগল বৰুৱাই জানিবলৈ দিয়া মতে, বৃহত্তৰ চাবুৱা অঞ্চলটোত  থকা  ইটাভাতাসমূহে সকলো নীতি-নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰি আহিছে  ।

অঞ্চলটোৰ একাধিক গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইটাভাতাসমূহৰ পৰা ওলোৱা ধোঁৱাই পৰিবেশ বিনষ্ট কৰিছে । কেইবাটাও ইটাভাতাৰ সমীপতে স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয় থকাৰ পিছতো বায়ু প্ৰদূষণ কৰি ইটা প্ৰস্তুত কৰি অহাৰ পাছতো জিলা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাত জিলা প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰে নেতাজনে ।

লগতে জানিবলৈ দিয়ে যে চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত দিনজান সেনা চাউনী সমীপৰ বাঘজানত হৰিচৰণ ৰায় নামৰ ব্যক্তিজনে ইটাভাটা খুলি চৰকাৰৰ কোনো নীতি - নিয়ম নামানি, আইন ভংগ কৰি এখোপ ওপৰত গৈ য'তে-ত'তে মাটি কাটি,ৰাজহ ভূমি তহিলং কৰিব ধৰিছে । এলেকাটোৰ পথাৰসমূহত মুকলিকৈ ডাম্পাৰ- জেচিবিৰে মাটি কাটি ইটাভাটাসমূহলৈ মাটি নি দিনে-নিশাই ইটা প্ৰস্তুত কৰি ব্যৱসায় অব্যাহত ৰাখিছে ।

চাবুৱা  ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি ইটাভাটাসমূহে কৃষি ভূমি কাটি সংকুচিত কৰি আহিছে । যধে-মধে মাটি কাটি ইটা প্ৰস্তুত কৰি অহাৰ ফলত অঞ্চলটোত বহু পথাৰত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে । আনহাতে ইটাভাটাসমূহে পৰিবেশৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰি কেৱল নিজৰ ব্যৱসায়ত লাভালাভৰ প্ৰতি ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

ভূমি আৰু বায়ু প্ৰদূষণ হৈ থকাৰ পিছতো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনৰ একাংশ বিষয়াক মেনেজ কৰি থোৱাৰ বাবেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে জিলা প্ৰশাসনে । যাৰ বাবে ইয়াৰ ফল সাধাৰণ জনতাই ভুগিবলগীয়া হৈছে । সংগঠনটোৰ নেতাজনে  অতি সোনকালে সমগ্ৰ বিষয়টোৰ ওপৰত জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ'ম বুলি প্ৰশাসনক সকিয়াই দিয়ে ।