anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত তীব্ৰ ভূমিস্খলন হোৱাৰ খবৰ আহিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাখনো যান-বাহন। 

অৰুণাচল প্ৰদেশত বিগত কিছুদিন ধৰি বৰষুণ হোৱাৰ ফলত বহু ঠাইত ভূমিস্খলন হোৱাৰ বাবে পথ বন্ধ হৈ পৰাত যাতায়ত ৰুদ্ধ হৈ পৰাৰ খবৰ আহি আছে। ইয়াৰ মাজতে বুধবাৰে ইটানগৰ আৰু নাহৰলগুন ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হোৱাৰ খবৰ আহিছে। পথৰ দীৰ্ঘ এলেকা খহি পৰাত যাতায়াত বন্ধ হৈ পৰে। এখন ট্ৰাক কথমপি ৰক্ষা পৰে।