নলবাৰীঃ পঞ্চায়তৰ নিৰ্বাচনৰ ভোট গণনা চলি থকা সময়তেতেই আজি নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

নলবাৰীত মুকালমুৱা জিলা পৰিষদৰ ভোট গণনা কক্ষত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই গণনা কক্ষত প্ৰৱেশ কৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়  । 

উল্লেখযোগ্য যে কেন্দ্ৰতোত ভোটগননা চলি থাকোতেই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই গণনা কক্ষত প্ৰৱেশ কৰা চেষ্টা কৰিছল কিন্তু সেই সময়তে তাত উপস্থিত থকা কংগ্ৰেছ  সমৰ্থক সকলে প্ৰতিবাদ কৰাৰ লগে লগে নাৰায়ণ ডেকা বাহিৰলৈ ওলাই আহে যদিও লগে লগে কেন্দ্ৰতেৰ বাহিৰত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় । 

এই ঘটনা সম্বন্ধে কংগ্ৰেছৰ এজেন্ট ৰূপা আলীয়ে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি থকা অৱস্থাতে ৰূপা আলীক একাংশ যুৱকে আক্ৰমণ কৰে । সম্প্ৰতি ভোট গণনা কেন্দ্ৰটোত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰন কৰিছে৷