গুৱাহাটীঃ সমাগত ৰঙালী বিহু। ৰাজ্যৰ চুকে-কোণে এতিয়া ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙি উঠিছে ৰং-উৎসাহ, হাঁহি-আনন্দ আৰু অযুত হেঁপাহ।

বহাগৰ আগমনৰ বতৰাত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি, কুঁহিপাতে গুণগুনাইছে। গাঁৱৰ শিপিনীসকলেও আপোনজনক হেপাঁহৰ এখন বিহুৱান দিবলৈ বুলি দিনে-নিশাই তাঁতৰ শালত ব্যস্ত হৈ পৰিছে।

কিন্তু অতি লক্ষণীয় বিষয় যে ভমকা-ফুলীয়া চানেকি তোলা অসমীয়া শিপিনীৰ গামোচাৰ পৰিৱৰ্তে মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া দেখা গৈছে বেনাৰসৰ পৰা অহা চকু চমোকোৱা বহু গামোচা। তাঁতৰ শালত পৰীৰ দেশৰ সাধু ৰচনা কৰা অসমীয়া শিপিনীৰ হাতে বোৱা গামোচাৰ পৰিৱৰ্তে ৰাজ্যৰ বজাৰত বৃদ্ধি পাইছে বেনাৰসত মেচিনত বোৱা গামোচাৰ আদৰ।

অসমীয়া সংস্কৃতিৰ অন্যতম অংগ তাঁত শিল্প তথা অসমীয়া মহিলাৰ স্বাৱলম্বীতাৰ সমল বয়ন শিল্পৰ যেন আজিৰ বজাৰত হ্ৰাস পাইছে মূল্য। শিপিনীসকলৰ হাতে বোৱা গামোচাৰ বিপৰীতে মহানগৰীৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে বেনাৰসী গামোচাৰ বিক্ৰী।

অতি কম মূল্যৰ লগতে ৰং-চঙীয়া ফুলেৰে গ্ৰাহকৰ মন-মুহিবলৈ সক্ষম হোৱা বেনাৰসী গামোচাৰ বাবে এতিয়া যেন স্থান হেৰুৱাইছে অসমীয়াৰ হাতে বোৱা গামোচাই। অসমীয়াৰ স্বাভিমানৰ প্ৰতীক হাতে বোৱা গামোচাই অসমীয়াৰ মাজত তথা অসমতে স্থান হেৰুৱাৰ উপক্ৰম হোৱাতো অতিকৈ চিন্তনীয় বিষয়।

বহিঃৰাজ্যৰ গামোচাই অসমৰ বজাৰ দখল কৰাতকৈ যদি প্ৰতিজন অসমীয়াই থলুৱা শিপিনীৰ হাতে বোৱা গামোচাক উচিত মূল্য তথা মান দি ক্ৰয় কৰে তেতিয়া গাঁৱৰ শিপিনীসকলৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনত কিছু উন্নতিসাধন হ'ব।