newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ নিশাটো সমগ্ৰ বিশ্ববাসীৰ বাবে এটা বিশেষ নিশা হৈ ৰ'ব। এই নিশাতে সংঘটিত হ'ব একেলগে তিনিটাকৈ বিৰল মহাজাগতিক পৰিঘটনা। যি ঘটনা প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে বিশ্ববাসী। 

শুকুৰবাৰৰ মাজনিশাৰ পৰা এই শতিকাৰ আটাইতকৈ দীঘল পূৰ্ণাগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব। পৃথিৱীৰ নিচেই ওচৰ চাপিব মংগলগ্ৰহ আৰু আকাশত সমানে দেখা যাব উল্কাবৃষ্ট। পৃথিৱীৰ পৰা দূৰত্বত অৱস্থান কৰিব চন্দ্ৰই।

এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পৰিচিত শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব আজি নিশা তথা ২৭ জুলাইৰ আকাশত। জোনটো নীলাৰ পৰা তেজ-ৰঙী হৈ উঠিব।

এই বিৰল পৰিঘটনা দেখিবলৈ পাব অসম, উত্তৰ-পূৰ্বাঞ্চলবাসী আৰু ভাৰতে। একবিংশ শতিকাৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ নিশা দেখিবলৈ পোৱা যাব৷ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাও এই চন্দ্ৰৰ পূৰ্ণগ্ৰাস পৰ্যবেক্ষণ কৰিব পৰা যাব৷ 

জানিব পৰা মতে, প্ৰায় দুঘন্টা ধৰি চলিব এই চন্দ্ৰগ্ৰহণ৷ ভাৰতীয় সময়ানুসৰি নিশা ১১.৫৪ মিনিটত গ্ৰহণ আৰম্ভ হ’ব৷ ইফালে, মাজ নিশা ১.৫২ বজাত পূৰ্ণ গ্ৰহণ হ’ব৷ এই গ্ৰহণ পুৱা ৪ বজালৈকে পৰ্যবেক্ষণ কৰিব পৰা যাব৷
 
ভাৰতৰ বাহিৰেও মধ্য প্ৰাচ্য, মধ্য এচিয়া, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ পৰা চন্দ্ৰৰ দীৰ্ঘতম পূৰ্ণ গ্ৰহণ পৰিস্কাৰ ভাৱে দেখিবলৈ পোৱা যাব৷