newsnextone.com | ডিজিটেল ডেস্কঃ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ আক্ৰমণৰ ঘটনাৰ সৈতে আমেৰিকা আৰু কলম্বিয়া জৰিত থকাৰ অভিযোগ উত্থাপন হৈছে। টিভিৰ পোনপটীয়া সম্প্ৰচাৰত ভাষণ প্ৰদান কৰি থকাৰ সময়তে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাইক আক্ৰমণ কৰিছিল। 

খোদ ৰাষ্ট্ৰপতিগৰাকীয়ে এই কাণ্ডত আমেৰিকা আৰু কলম্বিয়া জৰিত থকাৰ অভিযোগ উত্থাপন কৰে। এই কাণ্ডত আমেৰিকা আৰু কলম্বিয়া সৈতে হাত থকা লোকৰ জৰিত আছে। মাদুৰায়ে সংবাদ মাধ্যমক কয় যে এই আক্ৰমণ মোক হত্যা কৰিবৰ বাবে কৰা হৈছিল। তেওঁলোকে মোক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। চুবুৰীয়া আমেৰিকা আৰু কলম্বিয়াত থিতাপি লোৱা লোকে হত্যাৰ চেষ্টা কৰা বুলি কয়।

আনহাতে এই কাণ্ড বিৰোধী দলে সংঘটিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। আনহাতে এই অভিযোগ নাকচ কৰে কলম্বিয়াই। মাদুৰাৰ অভিযোগ তথ্যহীন বুলি কয় কলম্বিয়াই।

শনিবাৰে দেশ খনৰ কাৰাকাছত এখন ৰাষ্ট্ৰীয় সুৰক্ষা সন্দৰ্ভত অনুষ্ঠিত সভাত ভাষণ দি থকাৰ সময়তে ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰিছিল ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাইক।

এই আক্ৰমণত ৰাষ্ট্ৰপতিগৰাকীয়ে কথমপি ৰক্ষা পৰে যদিও ৰাষ্ট্ৰপতিক ৰক্ষা কৰিবলৈ গৈ ৭গৰাকী নিৰাপত্তাৰক্ষী আহত হৈছে। প্ৰথমাৱস্থাত এই ঘটনাক লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও ভেনিজুৱেলা চৰকাৰে আক্ৰমণৰ কথা স্বীকাৰ কৰে। 

উক্ত সময়ত দেশ খনৰ নিউজ চেনেল সমূহে ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়া সম্প্ৰচাৰ কৰি আছিল যদিও লগে লগে সমগ্ৰ দেশৰ নিউজ চেনেলৰ প্ৰচাৰ বন্ধ কৰি দিয়া হয়।