নগাঁওঃ শনিবাৰে নিশা স্ফূৰ্তিৰে এসাজ লগে ভাগে খালে অসমবাসীয়ে৷ তাৰ পিছতে দেওবাৰে কাহিলী পুৱাই মেজিৰ উম লৈ অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰি কনিষ্ঠই ললে জ্যেষ্ঠজনৰ সেৱা ৷ ঘৰে ঘৰে গৈ ইজনে-সিজনক যাচিলে ভোগালী বিহুৰ শুভেচ্ছা। ৰাইজে উলাহ-মালহেৰে ওলাই আহি জ্বলালে মেজি৷

সময়ৰ মাপকাঠিৰে অসমীয়া জনজীৱনৰ বহু হেঁপাহৰ উৎসাহ-উদ্দীপনাৰে ভৰপূৰ জাতীয় উৎসৱ ভোগালী বিহু সৰ্বত্ৰে পালন কৰা দেখা গ’ল৷ কৃষিজীৱি প্ৰতিগৰাকী চহা কপালৰ ঘাম-মাটিত পেলাই কৃষি তথা গ্ৰাম্য জীৱন পৰিক্ৰমাৰ সৈতে নিবিড় সম্পৰ্ক জড়িত হৈ থকা লোকসকলে মাদকতা ললে ভৰপূৰ৷ এই উৎসৱে প্ৰতিজন অসমীয়াৰ মন-প্ৰাণ ৰঙীয়াল কৰি তুলিলে৷

আগৰ সকলো দুখ-বেদনা মনৰ পৰা আঁতৰাই সকলোৱে ভোগালীৰ আনন্দ-উল্লাসত মতলীয়া হৈ পৰিছে৷ মেজিৰ ৰক্তিম জুইৰ উত্তাপে ঠেৰেঙা লগা প্ৰচণ্ড শীতৰ কৱলৰ পৰা সকলোকে ক্ষণিকৰ বাবে হ’লেও মুক্ত কৰাই শৰীৰলৈ আনি দিছে নতুন সজীৱতা৷ সলাই পেলাইছে ধৰাৰ পৰিবেশ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও৷ বাপতি সাহোন ভোগালী বিহু উপলক্ষে জিলাখনৰ সৰ্ব প্ৰান্ততে উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে৷

সৰু-ডাঙৰ সকলোৱে পৰম আগ্ৰহেৰে বিহুৰ আনন্দ-উচাহত নিজকে বিলীন কৰি দিছে৷ শনিবাৰৰ নিশা হেঁপাহৰ উৰুকাত ভেলাঘৰত বেছ স্ফূৰ্তি-তামাচাৰে সকলোৱে লগে-ভাগে উদৰ পুৰাই হাঁহে-মাহে, মাছেৰে এসাঁজ খোৱাৰ পিছত দেওবাৰে পালন কৰিছে মাঘ বিহু৷

সেই নিমিত্তে ৰাইজে পথাৰ, আন কোনো সুবিধাজনক মুকলি ঠাইত সাজি উলিওৱা মেজিৰ কাষত পুৱাই সমবেত হৈ ৰীতি-নীতিৰ মাজেৰে মেজিত জুই লগাই অগ্নি দেৱতাক পূজা-অৰ্চনা কৰে৷ ৰাজ্য খনৰ জকাইচুকত পুৱাই এক মনোমোহা পৰিবেশৰ সৃষ্টি হয় ৷ পিছত জ্যেষ্ঠজনক কণিষ্ঠজনে আগন্তুক দিনবোৰ মংগলময় আৰু কুশঁলে অতিবাহিত হোৱাৰ কামনাৰে সেৱা জনাই৷ ঠায়ে ঠায়ে গঞাৰাইজে খেল-ধেমালিত মত্ত হৈ পৰাওঁ দেখা যায় ৷