ধিং/কলিয়াবৰঃ বিভিন্ন সংস্কৃতি, পৰম্পৰাৰে চহকী অসমভূমি৷ বিভিন্ন জাতি-জনজাতিৰ কৃষ্টি-সংস্কৃতিৰ সমন্বয়ত মহীয়ান হৈছে অসমীয়া সংস্কৃতি৷ অসমত বসতি কৰি থকা ভিন ভিন ধৰ্মাৱলম্বী লোকৰ উৎসৱ-পাৰ্ৱন সমূহে বহন কৰি আহিছে অসমীয়া জাতিৰ ঐতিহাসিক পৰিচয়৷ বিভিন্ন উৎসৱ-পাৰ্বনৰ লগতে ৰাজ্য খনৰ লোকসকলে বিশেষ ভাবে পালন কৰে মাঘী পূৰ্ণিমা৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাপুৰুশ শ্রী শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্রৱাত পবিত্র মাঘী পূৰ্ণিমা উৎসৱ পৰম্পৰাগত ভাবে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা মাঘী পূৰ্ণিমা উপলক্ষে পুৱা বটদ্রৱা থানত তাল কোবোই, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ, ডেৰপৰীয়া প্রসংগ পৰিবেশন কৰা হয়। মাঘী পূৰ্ণিমা উপলক্ষে জাতীয় সাজ পৰিধান কৰি আহি বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা, দৌল মন্দিৰত তেল বন্তি সেৱাৰ নৈবদ্য আগবঢ়াই হেজাৰ হেজাৰ ভক্তই।

বটদ্রৱাৰ ঐতিহাসিক দৌল মন্দিৰৰ বাকৰিত মৰিগাঁও গছবাৰীৰ যুৱতীৰ নামৰ দলে দিহা নাম পৰিবেশন কৰে। সহস্রাধিক ভক্ত বৈষ্ণৱৰ উপস্থিতিত বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতিয়ে দিহানাম অনুষ্ঠানৰ শুভাৰম্ভ কৰি পবিত্র মাঘী পূৰ্ণিমাৰ তাৎপৰ্য আৰু কৃষ্ণভক্তিৰ ওপৰত এক সাৱলীল বক্তৃতা প্রদান কৰে। অনুষ্ঠানত বিশিষ্ট নাগৰিক যতীন বৰুৱা, দিলীপ কুমাৰ বৰা, ইন্দ্রমোহন বৰুৱা, দিলীপ কুমাৰ নাথ, সাবিত্রি বৰা, মন্টু বৰা, প্রদীপ বৰা, অমৃত বৰুৱা, মহেন্দ্র বৰুৱা, বিমল পাঠক, দীপক কৰ, গিৰিশ বৰা, শৰৎ চন্দ্র বৰদলৈ উপস্থিত থাকে। 

NNO কলিয়াবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰতে মাঘী পূৰ্ণিমা পালন কৰা হয়৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উৎসৱত পুৱাৰে পৰা ভক্তি ভাৱেৰে মানুহ ভৰি পৰে৷ পৱিত্ৰ দিনটোত বিভিন্ন স্থানৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগমে হোৱাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তও মন্দিৰত উপস্থিত হৈ আশীষ লয়৷ ভঁৰালী নামঘৰৰ তুলসী খুঁটা বছৰ বছৰ ধৰি ভক্তক আকৰ্ষণ কৰি আহিছে।