ডিজিটেল ডেস্কঃ আৰব সাগৰৰ মাজত থকা চত্ৰপতি শিৱাজী মহাৰাজ স্মাৰকত আয়োজন কৰা এক পূজাত অংশ গ্ৰহণৰ বাবে স্পীড ব’টত যোৱা মহাৰাষ্ট্ৰৰ মুখ্য সচিবকে ধৰি ৪০ জন লোক এক দুৰ্ঘটনাৰপৰা কোনোমতে ৰক্ষা পৰে। মুম্বাইৰ সাগৰভাগত থকা চত্ৰপতি শিৱাজী মহাৰাজ স্মাৰকলৈ সংবাদ কৰ্মীকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল পূজাস্থলীলৈ গৈ আছিল। বিয়লি সংঘটিত এই ঘটনাৰ বিবৰণীত প্ৰকাশ যে তেওঁলোক যোৱা নাওখন পানীত ডুবি যোৱাত যাত্ৰীসকল পানীত পৰি যায়। অৱশ্যে দুৰ্ঘটনাৰ লগে লগে ক’ষ্ট গাৰ্ড, মেৰাইন পুলিচ আৰু আন আন উদ্ধাৰকাৰী সংস্থাই যুদ্ধকালীন তৎপৰতাৰে সকলোকে উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ পাছতে নিৰ্ধাৰিত পূজাখন বাতিল কৰা হয়।