newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পৰ্যটনস্থলি মহাবলেশ্বৰত ভয়াবহ পথ দুৰ্ঘটনাত ৩০গৰাকী লোকৰ মৃত্যু হয়। বন্ধৰ বাবে ফুৰিবলৈ অহা ৩৫গৰাকী লোক সহ বাছ পাহাৰীয়া পথৰ পৰা প্ৰায় ২০০ ফুট তলত বাগৰি পৰাত ৩০গৰাকী লোকৰ থিতাতে মৃত্যু হয়।

বাছত থকা আটাইকেইজন কৃষি বিভাগত কাম কৰা লোক আৰু বন্ধৰ বাবে ফুৰিবলৈ আহিছিল। পুৱা ১০ বজাত অম্বনলী ঘাটত পাহাৰৰ পৰা তলত পৰে। গাড়ীৰ কৰ্মচাৰী সহ আটাইকেইজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰৈ গৈছে। এনডিআৰএফে উদ্ধাৰ অভিযান চলাই আহিছে যদিও এতিয়ালৈ ৮টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।