ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত মাওবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান অব্যাহত আছে আৰক্ষীৰ৷ ২২ এপ্ৰিলৰ পুৱাৰে পৰা চলা অভিযানত এতিয়ালৈ প্ৰায় ৪০ গৰাকী মাওবাদী নিহত হৈছে৷ আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছে আটাইকেইজন মাওবাদী৷ মহাৰাষ্ট্ৰৰ গাঢ়চিৰোলি জিলাত এই পৰ্যন্ত অভিযান অব্যাহত আছে৷ মাওবাদীৰ শীৰ্ষ নেতা কমাণ্ডাৰ চাইনাথ, চিনু আৰু মহিলাও নিহত হয়৷ তাৰ মাজতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৫গৰাকী মাওবাদী নেতাৰ ফটো প্ৰকাশ কৰি মূল্য নিৰ্ধাৰণ কৰে৷ 

ফটোত মাওবাদীৰ নাম আৰু টকা ঘোষণা কৰে৷ ১৬ লাখ টকাৰ পৰা ৬০ লাখ পৰ্যন্ত টকা ঘোষণা কৰে৷ তেওঁলোকে কি কি অপৰাধ সংঘটিত কৰিছে সেই কথাও উল্লেখ কৰিছে৷ এই সকলো চিপিআই মাওইষ্টৰ সদস্যৰ ফটো৷ দেশ বিৰোধী কাণ্ডত জৰিত থকাৰ লগতে শ-শ আদিবাসী লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰশাসনে৷ 

যদি কোনো লোকে তেওঁলোকে থকা ঠাইৰ খবৰ দিয়ে আৰু যদি খবৰৰ ভিত্তিত এই নেতাসকল ধৰা পৰে নতুবা সংঘৰ্ষত নিহত হয় তেন্তে ঘোষণা কৰা টকা লাভ কৰিব বুলিও কয়৷ খবৰ দিওতাৰ তথ্য গোপনে ৰাখিব আৰক্ষীয়ে৷ মাওবাদীৰ নেতাৰ তথ্য জনাবলৈ ৭২১৮৮৭৮১৭২ আৰু ৯৪২১৬৯৯৮০৮ মোবাইল নম্বৰটো ৰাজহুৱা কৰে আৰক্ষীয়ে৷ 

আৰক্ষী থানালৈ গৈও তথ্য দিব পাৰিব পাৰিব যি কোনো লোকে৷ মালৌজুলা বেনুগোপাল ওৰফে ভূপতি, চনু, বিবেক, লক্ষ্মীনাৰায়ন, লচ্ছনা অভয়ৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৬০ লাখ টতা৷ দীপক ওৰফে মিলিংগ, প্ৰবীণ, অৰুণ, সুধীৰৰ মূল্য নিৰ্ধাৰণ কৰিছে ৫০ লাখ৷ নাৰমাদক্কা ওৰফে অল্লুৰু উষাৰাণীৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২৫ লাখ টকা৷ জগত্তা ওৰফে ধীচ, চিমলাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২০ লাখ টকা আৰু পহাৰ সিং ওৰফে অশোক, টিপু, কুমাৰ চাই কটলামীৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৬ লাখ টকা৷ 

মহাৰাষ্ট্ৰৰ গাঢ়চিৰোলি জিলাত ৪০ গৰাকী মাওবাদী সংঘৰ্ষত নিহত হোৱাৰ ঘটনাক গাঢ়চিৰোলি জিলাৰ উপায়ুক্তই তদন্তৰ ঘোষণা কৰিছে৷ যোৱা ২২ আৰু ২৩ এপ্ৰিলত সংঘটিত হৈছিল এই ঘটনা৷ মাওবাদীৰ সৈতে সংঘৰ্ষত এগৰাকীও নিৰাপত্তাৰক্ষী নিহত-আহত নোহোৱাত এই তদন্ত ঘোষণা কৰা হৈছে বুলি দাবী কৰে৷ পিআইএমএল আৰু তেলেগু লেখক বৰাবৰা ৰাৱে সংঘৰ্ষৰ তদন্ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে কৰাৰ দাবী জনায়৷