newsnextone.com | ডিজিটেল ডেস্কঃ বামপন্থী দলৰ মিত্ৰজোঁটে 'গণতন্ত্ৰ হত্যা' শীৰ্ষক প্ৰতিবাদ সাব্যস্ত কৰে দিল্লীত। উক্ত কাৰ্যসূচীত অংশ লয় ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে। দেশত সংঘটিত গণ প্ৰহাৰৰ ঘটনা, হত্যা আৰু ত্ৰিপুৰা-পশ্চিমবংগত গণতন্ত্ৰৰ হত্যাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ন কৰে।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে তেওঁলোকৰ ২৫ বছৰীয়া কাৰ্যকালত ৰাজ্যত গণ প্ৰহাৰত হত্যাকাণ্ড সংঘটিত হোৱা নাছিল বুলি কয়। চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় মাণিক চৰকাৰে কয় যে যেতিয়াই চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে তেতিয়াই এনে ধৰণৰ ঘটনা সংঘটিত হয়। চৰকাৰ যেতিয়া সম্পূৰ্ণ বিফল হয় তেতিয়াই জনসাধৰণৰ মনোযোগ অইন দিশে নিবলৈ চেষ্টা কৰে। 

ইমানে নহয় বিজেপিয়ে ২০১৪ বৰ্ষত নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰাত বিফল হৈছে বুলি কৈ যাৰ ফলত সমাজক শ্ৰেণী আৰু ধৰ্মৰ ভিত্তিত বিভাজন কৰিব খুজিছে বুলিও কয়।
  
ত্ৰিপুৰাত চাৰিগৰাকী লোকক গণ প্ৰহাৰত হত্যা হৈছিল। সেই ঘটনাক উদাৰহণ দি কয় যে বামপন্থীৰ ২৫ বছৰ চৰকাৰৰ কালত কোনো দিনে এনে ঘটনা সংঘটিক হোৱা নাছিল। শিশু অপহৰণ, গণ প্ৰহাৰ, গো ৰক্ষাৰ নামত হত্যা বিজেপিৰ শাসনকালত ভয়াবহ পন্থা অৱলম্বন কৰি চৰকাৰৰ বিফলতাৰ পৰা ৰাইজৰ দৃষ্টি অইন ফালে নিয়াৰ চেষ্টা কৰিছে। দেশক এনে পন্থাৰ স্বীকাৰ হৈছে সংখ্যালঘূ আৰু দলিত লোক। এই সকল লোকৰ কন্ঠ ৰুদ্ধ কৰিব খোজে। যিসকলে বিজেপিৰ বিৰোধ কৰে তেওঁলোকৰ কন্ঠ ৰুদ্ধ কৰিব খোজে বিজেপিয়ে।