মাজুলীঃ মাজুলীৰ চিকিৎসা খণ্ডত চলিছে চৰম অৰাজকতা। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি তথা নৱ গঠিত জিলাখনত দুই লাখ লোকৰ বিপৰীতে আছে মাত্ৰ এখনেই ১০০খন বিছনাযুক্ত চিকিৎসালয়। কেৱল সিমানেই নহয়, পীতাম্বৰ দেৱগোস্বামীৰ নামত স্থাপিত ১০০খন বিছনাযুক্ত এইখন মহকুমা অসামৰিক চিকিৎসালয়ত নাই এজনো চিকিৎসক।

ফলত বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ দুখীয়া পৰিয়ালৰ লোকসকলে। শল্য, চকু বিশেষজ্ঞকে ধৰি বহু বিভাগীয় চিকিৎসক নথকাত মাজুলীৰ বাহিৰত গৈ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব লগা হৈছে৷ গড়মূৰ অসামৰিক চিকিৎসালয়খনতো চিকিৎসাৰ উন্নত সা-সুবিধা নথকাত বিপদত পৰিছে ৰোগী।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন ভ্ৰমণ কৰি জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰাৰ লগতে চিকিৎসালয়খনত উপযুক্ত সা-সুবিধা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ ৭ মাহ উকলি যোৱাৰ পিছতো কোনো পৰিৱৰ্তন নহ’ল।

তদুপৰি চিকিৎসালয়খনত দুই-তিনিজন চিকিৎসক নিযুক্তি দিয়াৰ পিছতো বিভিন্ন অজুহাত দেখুৱাই চিকিৎসালয়খনত যোগদান নকৰিলে।

প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ সময়ত যোৰহাট চিকিৎসালয়ৰ পৰা তেজ আনি প্ৰসূতিৰ আত্মীয়ই দিলেহে প্ৰসূতিৰ জীৱন বাচে৷ মাজুলীত ৫৪ লাখ টকা ব্যয় সাপেক্ষে মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ব্লাড বেংকৰ আধাৰশিলা স্থাপন কৰে৷ কিন্তু নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হয় সেয়া জানিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিটোৰ ৰাইজে।