ডিজিটেল ডেস্কঃ গৰুক ঘোষণা কৰা হ’ব পাৰে দেশৰ ৰাষ্ট্ৰীয় পশু ৰূপে৷ গৰুক দেশৰ ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰ চৰকাৰলৈ এই পৰামৰ্শ আগবঢ়াইছে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷

আনকি গো হত্যাৰ আইন সংশোধন কৰি গো-হত্যাকাৰীক আজীৱন কাৰাদণ্ড দিবলৈও পৰামৰ্শ আগবঢ়াইছে ন্যায়ালয়খনে৷ ৰাজ্যখনৰ এটা গোশালাত কেইবাটাও গৰুৰ মৃত্যুৰ এক গোচৰৰ বিচাৰত এই কথা উল্লেখ কৰিছে ন্যায়ালয়খনে৷

বিগত কেইবামাহৰ পৰা কেইবাখনো ৰাজ্যত কচাইখানাৰ ওপৰত নিষেধাজ্ঞা আৰু গোৰক্ষকৰ হিংসাৰ বিষয়টো সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছে৷ তদুপৰি দেশৰ ভিতৰত গো হত্যাৰ বাবে বিক্ৰী আৰু কিনা বিষয়টোত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল৷

আনহাতে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি কেৰালাত কেইদিনমা পূৰ্বে যুৱ কংগ্ৰেছে গো-মাংসৰ উৎসৱ অনুষ্ঠিত কৰিছিল৷ আনহাতে সোমবাৰে এই সিদ্ধান্তক অসংবিধানিক আখ্যা দিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷