oneindia

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী নতুন দিল্লীত শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ মহাধিৱেশন৷ অধিৱেশনত প্ৰথমবাৰৰ অংশগ্ৰহণ কৰি কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই মহাধিৱেশন কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এই অধিৱেশনতে কংগ্ৰেছে আগন্তুক লোকসভাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব৷ যিয়ে ইউপিএক উদ্যমী কৰি তোলে৷   

এই মহাধিৱেশনত জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কয়, বিজেপি-আৰএছএছৰ কাৰ্যকৰ্তাসকলে যিদৰে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই, ঠিক সেইদৰেই নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ঘৰে ঘৰে যোৱাটো উচিত৷ তেওঁ লগতে কাৰ্যকৰ্তা সকলৰ আগত কয়, আপোনালোকৰ সহায়-সহযোগিতা, আৰ্শীবাদৰ জৰিয়তে মই আকৌ এবাৰ কৰ্ণাটকত চৰকাৰ গঠন কৰাৰ ইচ্ছা পুহি ৰাখিছোঁ৷ মোক যেন সহায় কৰে৷ 

উল্লেখ্য যে, গত বৰ্ষতে কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক শাসনৰ পৰা নিৰ্বাসিত কৰিবৰ বাবে পূৰ্ণোদ্যমে প্ৰস্ততি চলোৱা দেখা গৈছে৷ ইয়াৰ পূৰ্বে কৰ্ণাটকত বিএছ য়েদিয়ুৰাপ্পাৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল৷ কিন্তু দুৰ্নীতিত পোত যোৱা চৰকাৰখনক হৰুৱাই কংগ্ৰেছে কৰ্ণাটকত শাসনভাৰ দখল কৰে৷          

ৰাহুল গান্ধীয়ে শণিবাৰে মহাধিৱেশনৰ আদৰণি ভাষণত কয়, দেশত বৰ্তমান হিংসাত্মক ঘটনা বৃদ্ধি পায় আহিছে৷ যিবোৰে দেশৰ উন্নতিৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰিছে৷ দেশত ভাই-ভাইৰ মাজতে খোৱা-কামোৰা হ’বলৈ ধৰিছে৷ মিলাপ্ৰীতি নোহোৱা হৈ আহিছে৷ এই বোৰ দিশত গুৰুত্ব প্ৰদান কৰি একত্ৰিত কৰি দিয়াটোৱেই আমাৰ প্ৰধান লক্ষ্য বুলি কয় গান্ধীয়ে৷