newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে তৃণমূল কংগ্ৰেছে বাৰ্ষিক শ্বহীদ দিৱস পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰে। মমতাই ২০১৯ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ১৫ আগষ্টৰ পৰা অভিযান আৰম্ভ কৰিব বুলি কয়। মমতাই কয় যে বিজেপিৰ বিৰুদ্ধে আমি অভিযান আৰম্ভ কৰিম। বিজেপিৰ বিৰুদ্ধে সেই সময়ত মমতা বেনাৰ্জীয়ে আক্ৰমণ কৰে যিটো সময়ত বিজেপিৰ নেতা প্ৰাক্তন সাংসদ চন্দন মিশ্ৰই তৃণমূলত যোগদান কৰে।

ইমানে নহয় পশ্চিম বংগৰ মেদিনাপুৰত বিজেপিৰ সভাৰ মাজতে পেণ্ডেল ভাঙি পৰা কাৰ্যকো উভতি ধৰে। মমতাই কয় "যিয়ে সুবিধাজনক ভাৱে এটা পেণ্ডেল বনাব নোৱাৰে সেই মানুহে দেশ বনাব বিচাৰে'। যোৱা ১৬ জুলাইত পশ্চিম বংগৰ মেদিনাপুৰত এখন কৃষক জন কল্যাণ সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দি থকা অৱস্থাত মূল মঞ্চৰ সৈতে সংলগ্ন এখন মঞ্চ ভাঙি পৰাত কেইগৰাকী লোক আহত হোৱা কাৰ্যৰ বাবে মমতাই বিজেপি আৰু নৰেন্দ্ৰ মোডীক উভতি ধৰি যিয়ে সুবিধাজনক ভাৱে এটা পেণ্ডেল বনাব নোৱাৰে সেই মানুহে দেশ বনাব আহে বুলি প্ৰশ্ন উত্থাপন কৰে।