কলকাতাঃ পুলৱামা আক্ৰমণৰ বাবে পোনপতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনৰ্জীয়ে। তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী বেনাৰ্জীয়ে কয় যে আক্ৰমণটো সংঘটিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে জনাৰ পাছতো ইয়াক বাধা দিবলৈ তেওঁ ঘুণাক্ষও চেষ্টা নকৰিলে।

সোমবাৰে কলকাতাত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ ক’ৰ কমিটীৰ সভাত প্ৰশ্ন কৰে যে কিয় মোডীয়ে আক্ৰমণটো বন্ধ কৰিবলৈ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে? চোৰাংচোৱাৰ তথ্য থকাৰ পাছতো জোৱানসকলৰ যাতায়াতৰ বাবে আকাশমাৰ্গ ব্যৱহাৰ কৰা নহ’ল বা পথৰ পৰীক্ষা কৰা নহ’ল। কিয়?... নিৰ্বাচনৰ সময়ত সুবিধা ল’বলৈ? এতিয়া মোডীয়ে যুদ্ধৰ খেলা খেলিছে। এই প্ৰশ্নবাণ মমতা বেনাৰ্জীৰ।

উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত জইছ-ই-মহম্মদৰ আত্মঘাতী আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান নিহত হৈছিল।