newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এনআৰচিৰ বিষয়ক লৈ পুনৰ বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে। মমতাই টুইট কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়ত বিজেপি আৰু আৰএছএছ বিভ্ৰান্ত হৈছে।

বিজেপিৰ সভাপতি অমিত শ্বাহে দেওবাৰে ভোটৰ বাবে মমতাই অবৈধ অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰা বুলf কৈছিল। মমতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতে টুইট কৰি অমিত শ্বাহক উভতি ধৰে মমতাই। দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু অসমত কেন্দ্ৰীয় বাহিনী মোতায়ন কৰা বিষয়ত উভতি ধৰে অমিত শ্বাহক।

মমতাই কয় যে এয়া দুখজনক যে বিজেপি আৰু আৰএছএছে এনআৰচিৰ বিষয়ত উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ বিভ্ৰান্তি কৰ বক্তব্য প্ৰচাৰ কৰিছে। এনআৰচিৰ পৰা কেতিয়াও ভাৰতীয়ৰ নাম বাদ পেলাবৰ বাবে কোৱা নাই ন্যায়ালয়ে। ভাৰতীয় নাগৰিকৰ তালিকাৰ পৰা বঙালী, অসমীয়া, ৰাজস্থানী, বিহাৰী, গোৰ্খা, উত্তৰ প্ৰদেশৰ নাগৰিক, পঞ্জাৱী, দক্ষিণৰ চাৰি ৰাজ্যৰ নাগৰিকৰ নাম এৰি দিয়া হৈছে। বীৰ জোৱান, প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়াল, নিৰ্বাচিত জনপ্ৰতিনি, নাগৰিক সমাজৰ পৰিচিত লোক, গৰীৱ আৰু বঞ্চিত লোকৰ নাম বাদ পেলোৱা হৈছে। ব্যাপক খেলিমেলিৰ বাবে পৰিয়ালৰ মাজত আতংকৰ সৃষ্টি হৈছে।

মমতাই গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষ মূল্যবোধক আঘাত হনা বুলি কয়। কত গণতন্ত্ৰ, কত ধৰ্মনিৰপেক্ষতা, কিয় দেশৰ মূল্যবোধক ধ্বংস কৰা হৈছে। অসমত কিয় ২০০ কেন্দ্ৰীয় বাহিনী কোম্পানী পঠোৱা হৈছে। বিজেপি আৰু আৰএছএছৰ প্ৰতিটো পদক্ষেপ ৰাজনৈতিক আৰু প্ৰতিহিংসামূলক।