newsnextone.com | নগাঁওঃ মোৰ স্বামীক মই ভালদৰেই জানো আৰু বুজি পাওঁ ৷ তেওঁ কেতিয়াও ধৰ্ষণৰ দৰে ঘৃণনীয় কাম কৰিব নোৱাৰে ৷ তেওঁৰ বিৰুদ্ধে এয়া এক গভীৰ ষড়যন্ত্ৰ ৷ তেওঁক বলিৰ পঠা সজোৱা হৈছে ৷ মোৰ সৰু ভনীক ঢাল হিচাপে লৈ এই গভীৰ ষড়যন্ত্ৰ ৰছনা কৰিয়ে স্বয়ং মোৰ পিতৃ-মাতৃয়ে ৷ সেয়ে মই পাৰ্যমানে মোৰ স্বামীৰ ন্যায়ৰ বাবে যুঁজি যাম ৷ এই মন্তব্য নিজৰ স্বামীৰ ন্যায় বিচাৰি হাবাথুৰি খোৱা এগৰাকী দুৰ্ভগীয়া মহিলাৰ ৷ 

যিগৰাকী মহিলাৰ স্বামী মাত্ৰ তিনি দিনৰ আগতে নিজৰ খুলশালীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু এই ঘটনাই সৰ্বত্ৰে ব্যাপক আলোড়নৰ সৃষ্টি কৰিলেও এতিয়া স্বামীৰ পক্ষত থিয় দি পত্নীয়ে স্বয়ং তেঁওৰ জন্মদাত্ৰী পিতৃ-মাতৃক এই ঘটনাৰ ষড়যন্ত্ৰকাৰী বুলি অভিযোগ উত্থাপন কৰাত বিষয়টোয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ 

উল্লেখ্য,যোৱা ৩০ জুলাইত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ বৰিবজাৰ আৰক্ষী চকীৰ এলেকাধীন শিমলুগুৰিৰ নিকুঞ্জ দাস নামৰ লোকজনৰ বিৰুদ্ধে একে গাঁৱৰে নিজৰ খুলশালীক দিন দুপৰতে ধৰ্ষণ কৰাৰ অভিযোগত শহুৰৰ ঘৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ যিটো ঘটনাই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ বিপৰীতে নিকুঞ্জ দাসৰ পত্নী চয়নিকা দাসক এই ঘটনাই স্তম্ভিত কৰি তুলিছিল ৷ 

চয়নিকাই পোনচাতেই এনে ঘটনা স্বামীয়ে কৰিব নোৱাৰে বুলি সকলোকে জনাই যদিও চয়নিকাৰ কথা শুনাৰ যেন কাৰোয়েই আহৰি নাই ৷ দুৰ্ভগীয়া চয়নিকাই প্ৰত্যক্ষভাবে নিজৰ জন্মদাত্ৰী পিতৃ-মাতৃকহে ইয়াৰ বাবে জগৰীয়া কৰি কয় যে ৮ বছৰ পূৰ্বে মই ঘৰৰ অমতত নিকুঞ্জ দাসলৈ পলাই আহি সংসাৰ কৰাৰ পিছৰে পৰাই মোৰ পিতৃ-মাতৃ মোৰ ওপৰত নাৰাজ হৈছিল ৷ 

তেওঁলোকে মোক বাৰম্বাৰ নিকুঞ্জৰ পৰা আঁতৰাই আনি তেওঁলোকৰ পচণ্ডৰ লোক এজনৰ লগত মোক বিয়া দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল৷ আনকি মোক ঘৰলৈ নিবৰ বাবে বহুবাৰ মোৰ ওচৰলৈ আহিছিল যদিও মই মান্তি হোৱা নাছিলো ৷ এনে কথাতেই মোৰ পিতৃ-মাতৃ মোৰ বিৰুদ্ধে একেবাৰে অসন্তুষ্ট হৈ পৰিছিল আৰু নানা প্ৰকাৰে মোক মানসিকভাবে নিৰ্যাতন চলাই আহিছিল ৷ 

ইয়াৰ মাজতে মোৰ মা-দেউতাৰ তীব্ৰ হেঁচা আৰু মানসিক হাৰাশাস্তিত দিশহাৰা হৈ মই অনিচ্ছাসত্ত্বেও মোৰ গৰ্ভত থকা চাৰি মহীয়া সন্তান নষ্ট কৰিবলৈ বাধ্য হৈছিলো ৷ মা-দেউতাৰ এনে মনোভাবৰ বাবেই তেতিয়াৰ পৰাই মই তেওঁলোকৰ ঘৰলৈ যাবলৈ একেবাৰে বাদ দিছিলো ৷ কিন্তু মোক ঘৰলৈ ঘুৰাই নিবলৈ সক্ষম নহৈ মোৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ পিছত মোৰ স্বামীক বিভিন্ন কথাৰে পতিয়ন নিয়াই মোৰ একেবাৰে সৰু ভনীৰ লগত সম্পৰ্ক কৰাৰ সুবিধা কৰি দিয়ে যাতে মই এইবোৰ দেখি তেওঁলোকৰ কথা মানি ল’বলৈ বাধ্য হওঁ ৷ 

কিন্তু পিতৃ-মাতৃৰ মতলব মই ধৰিব পাৰি স্বামী আৰু ভনীৰ সৈতে গঢ়ি উঠা এনে অবৈধ সম্পৰ্কৰ বিষয়ে বহুবাৰ মা-দেউতাক কওঁ যদিও মোৰ কথাত গুৰুত্ব নিদি দুয়োকে বেছিকৈ হলি-গলি কৰাৰ সুবিধাহে দিয়ে ৷ কিন্তু দুয়োৰে মাজত এনে সম্পৰ্ক চলি থকাৰ মাজতে হঠাতে মোৰ স্বামীয়ে ভনীক ধৰ্ষণ বুলি আৰক্ষীক গোচৰ দিয়াত মই আচৰিত হৈ পৰিছো ৷ 

মোৰ স্বামীয়ে ইমান নিকৃষ্ট কাম কেতিয়াও কৰিব নোৱাৰে ৷  প্ৰকৃততে মোৰ স্বামীক জালত পেলাই তেওঁক জেললৈ পঠাই মোক মানসিকভাবে দুৰ্বল কৰি তুলিবলৈকে এনে গভীৰ ষড়যন্ত্ৰ কৰিছে মোৰ জন্মদাত্ৰী মা-দেউতাই ৷ যাতে স্বামীৰ ওপৰত খং কৰি মই তেওঁৰ ঘৰ এৰি মা-দেউতাৰ ঘৰলৈ গুছি যাঁও ৷ মোৰ ওপৰত প্ৰতিশোধ এনেদৰে ল’ব বুলি মই কল্পনাই কৰা নাছিলো ৷ এনেদৰে দুৰ্ভগীয়া চয়নিকাই তোলা অভিযোগে সম্প্ৰতি সকলোকে ভবাই তুলিবলৈ বাধ্য কৰিছে ৷ 

ইফালে,এই সমগ্ৰ কথা বিৱৰি দুৰ্ভগীয়া চয়নিকাই আনকি এতিয়া স্থানীয় সচেতন লোকসকলৰ লগতে সাংবাদিকৰো সহায় বিচাৰিছে ৷ যাতে আৰক্ষীৰ উচিত তদন্তৰ দ্বাৰা তেওঁৰ স্বামীয়ে অপবাদ মুক্ত হৈ ন্যায় পায় আৰু ষড়যন্ত্ৰকাৰী তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ  কৰ্মৰ বাবে শাস্তি লাভ কৰে ৷ সি যি কি নহওঁক বলাৎকাৰৰ অভিযোগত অভিযুক্ত স্বামীৰ পক্ষত থিয় দি এগৰাকী মহিলাই স্বয়ং জন্মদাত্ৰী পিতৃ-মাতৃৰ বিৰুদ্ধে অনা এনে অভিযোগক কেন্দ্ৰ কৰি নগাঁও আৰু মৰিগাঁও জিলাৰ সৰ্বত্ৰে ব্যাপক চৰ্চা চলাৰ বিপৰীতে নিৰপেক্ষ তদন্ত কৰিবলৈ দাবী জনাইছে ৰাইজে ৷