ডিজিটেল ডেস্কঃ এক নতুন গৱেষণাত দেখা গৈছে যে কাৰ্ডিঅ’ভাছকুলাৰ এক্টিভিটিৰ সময়ত নাৰী আৰু পুৰুষৰ মস্তিষ্কৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণ পৃথক হৈ পৰে। এনে কাৰণতে কোনো ৰোগ ধৰা পৰিলে তাৰ চিকিৎসাও সম্পূৰ্ণ লিংগভিত্তিক হয়। অৰ্থাৎ নাৰীৰ বাবে এক ধৰণৰ চিকিৎসা, পুৰুষৰ বাবে আন এক ধৰণৰ।

মস্তিষ্কৰ যি অংশই ষ্ট্ৰেছ, হাৰ্টৰেট, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰে, নাৰী আৰু পুুৰুষৰ ক্ষেত্ৰত সেই বিশেষ অংশই একেধৰণে কাম কৰাৰ পৰিৱৰ্তে সুকীয়া ধৰণেহে কাম কৰে। আকলা (UCLA) স্কুল অৱ নাৰ্ছিঙৰ গৱেষণাত পোহৰলৈ আহিছে এই কথা। ইয়াৰ পিছতে চিকিৎসা বিজ্ঞানীসকল এটা কথাত সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰিছে যে হৃদযন্ত্ৰৰ সৈতে সম্পৰ্ক থকা প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে পুৰুষ আৰু মহিলাৰ চিকিৎসা পদ্ধতি সম্পূৰ্ণ সুকীয়া হোৱাৰ বাদে গত্যন্তৰ নাই। 

গৱেষণাত দেখা গৈছিল যে ইনছুলাৰ কৰ্টেক্স নামৰ মস্তিষ্কৰ অংশটোৱে নাৰী আৰু পুৰুষৰ ক্ষেত্ৰত পৃথক এক্টিভিটি প্ৰদৰ্শন কৰে। হেণ্ড গ্ৰিপ এক্সাৰছাইজৰ পিছত মহিলাসকলৰ ক্ষেত্ৰত ফ্ৰণ্ট ইনছুলাৰ জাইৰাছৰ সোঁফাল পুৰুষৰ তুলনাত অধিক সক্ৰিয় হৈ পৰে। পুৰুষৰ ক্ষেত্ৰত এই সক্ৰিয়তা অধিক হয় বাওঁফালত। 

ইয়াৰ পূৰ্বে পল মেছি আৰু তেওঁৰ গৱেষক দলৰ প্ৰতিনিধসকলে মস্তিষ্কৰ এই অঞ্চলত 'ভালছালভা মেনুভাৰ’ ব্যৱহাৰ কৰি পৰীক্ষা চলাইছিল। এই গৱেষণাতো হদৰোগৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মগজুৰ কাম-কাজ যে বিপৰীত সেয়া সামান্যকৈ ধৰা পৰিছিল। অৱশ্যে শেহতীয়া গৱেষণাত সেয়া অধিক স্পষ্ট হৈ ধৰা দিয়ে।

এনেদৰে দুয়োটা গৱেষণাৰ পৰা এটা কথাই পৰিস্ফুট হৈ পৰিছে যে সুস্থ-সবল নাৰী আৰু পুৰুষৰ মস্তিষ্কই একেটা ক্ৰিয়াৰ ক্ষেত্ৰত বিপৰীত ধৰণে প্ৰতিক্ৰিয়া কৰে। সেয়া হ’লেও এতিয়াই এই গৱেষণাৰ ফল সম্পৰ্কে অধিক হৈ-চৈ কৰাৰ পৰা বিৰত আছে বিজ্ঞানীমহল। বাকী থকা ৰোগসমূহৰ ক্ষেত্ৰটো একে ফল পালেহে চিকিৎসা বিজ্ঞানীসকলে এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ’বলৈ আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে।