প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিবেশন গণ প্ৰহাৰৰ ঘটনাৰ বাবে উত্তাল হৈ থকাৰ লগতে দেশৰ চৰকাৰে গণ প্ৰহাৰ আৰু হত্যাকাণ্ড ৰোধ কৰিবৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাই আছে যদিও পুনৰ দেশত সংঘটিত হৈছে গণ প্ৰহাৰৰ ঘটনা। 

এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্যত গণ প্ৰহাৰত প্ৰাণ গ'ল ১ জন যুৱকৰ। ২২ বছৰীয়া ২ যুৱকক মোবাইল চুৰি কৰাৰ অভিযোগত মৰিয়াই মৰিয়াই  হত্যা কৰাৰ চেষ্টা কৰে। ইয়াৰে আজমলৰ মৃত্যু হয়। জানিব পৰা মতে, শনিবাৰে নিশা দাহোদ জিলাত ২২ বছৰীয়া আজমল আৰু বন্ধু ভাৰুক একাংশ লোকে মোবাইল চুৰি কৰাৰ সন্দেহ কৰে। 

তাৰ পিছতে একাংশ লোকে দুয়ো যুৱকক বৰ্বৰ ভাৱে প্ৰহাৰ কৰে। বহু পলমকৈ ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ দুয়ো যুৱকক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰে যদিও ডাক্তাৰে আজমলৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। দুয়ো যুৱকৰ বিৰুদ্ধে পূৰ্বেও গোচৰ ৰুজু থকা বুলি জানিব পৰা যায়।